কোনো প্ৰসিদ্ধ ঠাই বা ৰজাৰ নামেৰে নহয় অযোধ্যাৰ ধন্নীপুৰত নিৰ্মাণ হোৱা মছজিদৰ নাম

ayodhya masjid 1598931022

উচ্চ ন্যায়ালয়ৰ আদেশত অযোধ্যাৰ ধন্নীপুৰ গাঁৱত নিৰ্মাণ হ’ব লগা মছজিদটোৰ নাম কোনো প্ৰসিদ্ধ ঠাই বা ৰজাৰ নামেৰে নহয় । এই মছজিদৰ নিৰ্মাণো পৰম্পৰাগতৰূপৰ পৰা বহু পৃথক হ’ব পাৰে ৷ ন্যায়ালয়ৰ নিৰ্দেশত উত্তৰ প্ৰদেশৰ চূন্নী ৱাকফ বৰ্ডে লাভ কৰা পাঁচ একৰ ভূমিত ইণ্ডো ইছলামিক গৱেষণাগাৰ, চিকিৎসালয় নিৰ্মাণ হ’ব ৷

ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেচনৰ সচিব তথা প্ৰবক্তা অতহৰ হুছেইনে আজি কয় যে ধন্নীপুৰ গাঁৱত ১৫০০০০ বৰ্গৰ মছজিদ নিৰ্মাণ কৰা হ’ব। এই মছজিদ সম্পূৰ্ণ বাবৰি মছজিদৰ দৰেই হ’ব ৷ এই মছজিদৰ আকাৰ বাকী মছজিদসমূহতকৈ অলপ পৃথক হ’ব । এই মছজিদটো মক্কাত থকা কাবা শ্বৰীফৰ দৰে হ’ব পাৰে । এই সন্দৰ্ভত মছজিদৰ বাস্ত-শাস্ত্ৰৰ প্ৰফেছাৰ এচ এম আখতাৰ ইংগিত দিছে ৷

আনহাতে কাবা শ্বৰীফৰ দৰে ধন্নীপুৰত নিৰ্মাণ কৰা মছজিদটোত মিনাৰ নাথাকিবও পাৰে ৷ ইপিনে আই আই চি এচৰ সচিব অতহৰ হুছেইনে কয় যে মছজিদ, চিকিৎসালয়, গৱেষণা গৃহ নিৰ্মাণ কৰিবলৈ ৰাইজে আৰ্থিক সাহায্য দিব বিচাৰিলে দিব পাৰে  ৷ ইয়াৰ কাৰণে এটি পৰ্টেলৰ ব্যৱস্থা কৰা হ’ব ।

ইয়াৰোপৰি ইয়াত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰৰ ইছলামিক লোকসকলেও যোগদান কৰিব পাৰিব । অৱশ্যে এতিয়াও এই পৰ্টেলৰ কাম আৰম্ভ হোৱা নাই কাৰণে আৰ্থিক সাহাৰ্য একত্ৰিত কৰাৰ কাম আৰম্ভ কৰা নাই ।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে বিগত বৰ্ষত ৯ নৱেম্বৰত ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ সম্পৰ্কত দিয়া ৰায়ত বিবাদিত স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে প্ৰদান কৰাৰ লগতে অযোধ্যাৰ ধন্নীপুৰ গাঁৱৰ পাঁচ একৰ ভূমিত মছজিদ নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে ৷

Exit mobile version