কৰ’নাৰ পৰা সুস্থ হোৱাৰ পিছতো হ’ব পাৰে ভাগৰুৱা

ventilation systems e1586857230700

শেহতীয়াকৈ কৰা গৱেষণা অনুসৰি ক’ভিড ১৯ ত সুস্থ হোৱা লোকসকলৰ ভিতৰত প্ৰায়ভাগেই ভাগৰুৱা হোৱা দেখা গৈছে।

কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলৰ ক্ষেত্ৰত ভাগৰুৱা হোৱা এই লক্ষণটোক কোৱা হয় Chalder Fatigue Score ৷

আনহাতে কৰ’না হোৱাৰ পাছত ভাগৰুৱা হোৱা বিষয়টো অধ্যয়ন কৰিবলৈ ৫০ বছৰৰ ভিতৰৰ ১২৮ জন ৰোগী লোৱা হৈছিল। ইয়াৰ ভিতৰত ৫৪ শতাংশই আছিল মহিলা ।তেওঁলোকে SARS-Cov-২ আক্ৰান্ত হৈ সুস্থ হৈ আহিছিল ৷

বিশেষজ্ঞসকলৰ মতে ক’ভিড ১৯ ৰ আক্ৰান্ত হোৱাৰ পিছত ভাগৰ লগা সন্দৰ্ভত তেওঁলোক এতিয়াও জ্ঞাত নহয় ৷গতিকে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো প্ৰয়োজন ৷ কাৰণ কৰ’না আক্ৰান্ত হোৱাৰ পিছতো সংক্ৰমণ হ’ব পাৰে ৷

আনহাতে কৰ’না ভাইৰাছে সুস্থ হোৱাৰ পিছতো অন্য ৰোগ হ’ব পাৰে ৷ গতিকে মাস্ক পৰিধান কৰা ,ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো নিত্যান্তই প্ৰয়োজনীয় ৷

Exit mobile version