চিৰাং জিলাত অনুষ্ঠিত হয় সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ অধীনস্থ বিটিএডি মাণ্ডলিক পৌৰ নিকায় কৰ্মচাৰী সকলৰ সাধাৰণ সভা

WhatsApp Image 2020 09 20 at 6.22.38 PM

দেওবাৰে চিৰাং জিলাৰ কাজলগাঁও পৌৰ সভাৰ কাৰ্য্যালয়ত সদৌ অসম পৌৰ নিকায় কৰ্চাৰী সন্থাৰ সাধাৰণ সম্পাদক উপস্থিতিত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ অধীনস্থ বিটিএডি মাণ্ডলিক পৌৰ নিকায় কৰ্মচাৰী সকলৰ সাধাৰণ সভা অনুষ্ঠিত হয় । বিয়লি ৩ বজাত পৌৰ নিকায় কৰ্মচাৰী সন্থাই এক সংবাদ মেলৰ আয়োজন কৰি সন্থাৰ আন্দোলন কাৰ্য্যসূচী ঘোষণা কৰে ।

সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে সংবাদমেলৰ সম্বোধন কৰি কয় যে, নিজে কাম কৰি পাবলগীয়া দৰমহা খিনিৰ বাবে আমি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰিবলগীয়া হৈছে । অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিচতো চৰকাৰে পৌৰ নিকায় কৰ্মচাৰী সকলৰ দৰমহাৰ সময়ত মোকলাই দিয়া নাই।

যাৰ ফলত দুই/তিনি বছৰ পর্যন্ত বহু কৰ্মচাৰীয়ে দৰমহা লাভ নকৰিলে । বহু কৰ্মচাৰীয়ে দৰমহা লাভ নকৰাকৈয়ে অৱসৰ ল’বলগীয়া হৈছে । আমি অসম স্বাস্থ্য বিভাগ তথা অন্যান্য বিভাগৰ সমান্তৰালকৈ নিজৰ জীৱনক তুচ্ছ কৰি ক’ভিড-১৯ৰ কৰ্তব্যত নিয়োজিত আছো । মাহেকৰ শেষত সকলো বিভাগৰ কৰ্মচাৰীয়ে সকলে দৰমহা লাভ কৰে যদিও মাথো পৌৰ নিকায় কৰ্মচাৰী সকলে দৰমহা লাভ নকৰে।

যোৱা ২০১৩ চনতে অসম পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত হয় যদিও আজিৰ তাৰিখলৈ সেয়া হৈ নুঠিল । আমি অসম চৰকাৰৰ বিত্ত মন্ত্ৰী, বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰিছো যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে চৰকাৰে । আমি সময়ে সময়ে পৰ্যায় ক্ৰমে আন্দোলন চলাই গৈছো ।

অন্যান্য বিভাগৰ সমস্যা সমাধান হোৱাৰ লগতে পঞ্চায়ত কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হ’ল, কিন্ত আমাৰ পৌৰ নিকায় কৰ্মচাৰী সকলহে ৰৈ গ’ল ক্ষোভ প্ৰকাশ কৰে সম্পাদক গিয়াছ আলীয়ে । তেওঁ লগতে কয় যে আমি আন্দোলন চলাই যোৱাৰ পিচতো চৰকাৰে মানৱীয়তাৰ খাতিৰতো কোনো গুৰুত্ব প্ৰদান নকৰিলে ।

যোৱা ১ছেপ্টেম্বৰৰ পৰা ৩ ছেপ্টেম্বৰলৈ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিলো । কোনো ফলাফল লাভ নকৰাৰ বাবে পুনৰ আমি অহা ২৮ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ দহ দিনীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী হাতৰ লোৱাৰ কথা জনায় ৰাজ্যিক সম্পাদক জনে ।

সংবাদমেলত বিটিচি মাণ্ডলিক কমিটীৰ সভাপতি সমৰ দে, সম্পাদক চণ্ডিকা শৰ্মা সহ বহু সংখ্যক লোক উপস্থিত থাকে। আজিৰ এই সংবাদ মেলৰ পূৰ্বে বিটিচি মাণ্ডলিক কমিটীৰ অন্তৰ্গত চাৰিখন জিলাৰ ন খন পৌৰসভা আৰু ৮৯ জন নিয়মিত কৰ্মচাৰী, ৪৯ জন ফিক্সড পে কৰ্মচাৰী আৰু ৪৪ জন ছাফাই কৰ্মচাৰীয়ে আজি এক সাধাৰণ সভাত অংশগ্ৰহণ কৰি সন্থাৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্য্যসূচী সম্পৰ্কে আলোচনা কৰে বুলি জনায় কাজলগাঁও পৌৰ সভা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সভাপতি তহিদুৰ মণ্ডলে।

Exit mobile version