নতুন কৃষি বিলৰ বিৰোধিতাৰে পথ বন্ধ কৰি প্ৰতিবাদ হাৰিয়ানা কৃষকৰ

haryana 1

লোকসভাত গৃহীত হোৱাৰ পাছতে আজি ৰাজ্যসভাত উত্থাপন কৰা দুখন কৃষি বিধেয়ক গৃহীত হয় । ইয়াৰ পাছতে তিনিখন নতুন কৃষিবিলৰ বিৰোধিতা কৰি আজি হাৰিয়ানা কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰে । প্ৰতিবাদকাৰী সকলে নিজৰ নিজৰ ট্ৰেক্টৰ লৈ প্ৰতিবাদত অংশ লোৱা দেখিবলৈ পোৱা গৈছিল ।

ইয়াৰে কিছু সংখ্যকে বগা ৰঙৰ কুৰ্তা পাইজামা পৰিধান কৰি নতুন কৃষি বিলৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ কৰে । পথ বন্ধ কৰি কৰা প্ৰতিবাদৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিছে ৰাজ্য চৰকাৰে । কাষৰীয়া ৰাজ্যসমূহত হোৱা প্ৰতিবাদৰ ভিত্তিত দিল্লী আৰক্ষীও সষ্টম হৈ আছে ।

আনহাতে, ৰাজ্যৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে সকলো উপায় অৱলম্বন কৰিছে । উল্লেখ্য যে, তিনিখন বিলক লৈ এতিয়া আৰম্ভ হৈছে কৃষক বিক্ষোভ । পঞ্জাৱ, হাৰিয়ানাকে ধৰি মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত চলিছে এই বিক্ষোভ ।

কৃষকসকলে বিৰোধিতা কৰা তিনিওখন বিল হ’ল- The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill.

কৃষকসকলে ফচলৰ নূন্যতম মূল্য নোপোৱা আৰু ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত এই বিলৰ বিৰোধিতা কৰিছে । তেওঁলোকৰ ধাৰণা- বজাৰৰ পৰা উঠি যাব চৰকাৰী নিয়ন্ত্ৰণ ।

আনহাতে চৰকাৰৰ মত যে, ‘প্ৰস্তাৱিত বিলকেইখন ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকলৰ সহায়ৰ বাবেহে। কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্য বা সামগ্ৰী অন্য কোনো দেশলৈ প্ৰতিযোগিতামূলক দামত বিক্ৰী কৰিব পাৰিব।’

Exit mobile version