নির্বাচন চমু চাপিছে! আধৰুৱাকৈ থকা আঁচনিৰ তালিকা প্রস্তুতৰ নির্দেশ

general elections 2019 g 660 102219031127

নির্বাচনৰ দিন চমু চপাৰ লগে লগে সাধাৰণ জনতাক স্পর্শ কৰা আঁচনি ৰূপায়ণ আৰু ঘােষণাৰ পৰম্পৰাগত জোৱাৰ আৰম্ভ হৈছে । অৰুণােদয়ৰ দৰে বৃহৎ আঁচনিকে ধৰি চৰকাৰে পূর্বে ঘােষিত আৰু নতুনকৈ ঘােষণা কৰা আঁচনিৰ কাম আৰম্ভ কৰাত সম্প্রতি সর্বাধিক গুৰুত্ব আৰােপ কৰিছে।

কৰ’নাই সৃষ্টি কৰা জটিল আর্থিক অৱস্থাৰ মাজতাে ভােটাৰক প্ৰত্যক্ষভাৱে স্পর্শ কৰিব পৰা হিতাধিকাৰীভিত্তিক আঁচনিতে এইখন চৰকাৰেও মূল গুৰুত্ব দিছে। আগন্তুক দিনকেইটাত তেনে অধিক আঁচনি ৰাইজলৈ আগবঢ়োৱাৰ বাবে চৰকাৰে তৎপৰতা অব্যাহত ৰাখিছে।

তাৰ বাবে চৰকাৰৰ প্ৰতিটো বিভাগক ঘােষণাতে ৰৈ থকা আৰু আধৰুৱাকৈ পৰি থকা আঁচনিবােৰ শীঘ্ৰে বাচি উলিয়াবলৈ নিদের্শ দিয়া হৈছে। তদুপৰি মন্ত্রীসকলকো কি ধৰণৰ আঁচনিয়ে বিশেষকৈ আর্থিকভাৱে পিছপৰা আৰু যুৱ সমাজক অধিক স্পর্শ কৰিব, তেনে আঁচনি ঠিৰাং কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰ্যায়ত পৰামর্শ দিয়া হৈছে।

এই প্ৰসংগতে দিছপুৰৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰে যে ইতিমধ্যে শ্রমিক, দিন হাজিৰা কৰা লােক, ক্ষুদ্র ব্যৱসায়ৰে স্বনিয়ােজিত হ’ব বিচৰা যুৱক-যুৱতী, উৎপাদন ক্ষেত্ৰখনৰ লগত জড়িত মহিলা আদিৰ বাবে বিভিন্ন আঁচনিৰ পৰিকল্পনা কৰা হৈছে। এনে আঁচনিবােৰৰ দ্বাৰা ভােটাৰৰ লগত প্রত্যক্ষভাৱে সম্পর্ক স্থাপনৰাে পৰিকল্পনা চূড়ান্ত হৈছে। দিছপুৰৰ সূত্ৰটোৱে উল্লেখ কৰে যে পৰিকল্পিত আঁচনিবােৰৰ কিছুসংখ্যক অসম চৰকাৰে নিজাববীয়াকৈ ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰিছে ।

আনহাতে, কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনি অসমত ক্ষিপ্ৰ ৰূপায়ণৰ ব্যৱস্থালৈ সেইবােৰৰ লগত অসমে গ্ৰহণ কৰিবলগীয়া পৰিকল্পিত আঁচনি সংযােগ কৰাৰ চিন্তা-চৰ্চা চলিছে। মুঠৰ ওপৰত অহা জানুৱাৰীত প্রথম পষেকলৈ ৰাজ্যত নতুন আৰু অকার্যক্ষম হৈ থকা পুৰণি আঁচনি ৰূপায়ণৰ জোৱাৰ উঠিব যে সেয়া নিশ্চিত বুলি সূত্ৰটোৱে মন্তব্য কৰে।

Exit mobile version