প্ৰসংগঃ কৰ’না

indian railways 2

বিগত সময়ত কৰ’নাৰ সময়ত কিমানজন শ্ৰমিকৰ মৃত্যু হ’ল এই সম্পৰ্কত কোনো তথ্য দিব নোৱাৰাত সমালোচনাৰ সন্মুখীন হৈছিল কেন্দ্ৰীয় চৰকাৰ ৷ কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দিছে এক তথ্য ৷

কৰ’নাৰ সময়ত শ্ৰমিক সকলক গন্তব্যস্থানলৈ নিয়াৰ বাবে ব্যৱস্থা কৰা ৰে’লগাড়ীত যাত্ৰা সময়ত ৯৭ জন লোকৰ মৃত্যু হৈছে । প্ৰথমবাৰলৈ এইকথা স্বীকাৰ কৰে কেন্দ্ৰীয় চৰকাৰে ৷

কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ এজন কৰ্মীয়ে কৰা এক প্ৰশ্নৰ উত্তৰত ৰে’লমন্ত্ৰী  পীয়ুষ গোৱেলে ৰাজ্যসভাত এইকথা জানিবলৈ দিয়ে । গোৱেলে কয় যে বৰ্তমানলৈ ৮৭ জন লোকৰ মৃতদেহ পোষ্টমৰ্টেনৰ বাবে পঠোৱা হৈছে যদিও ৫১জনৰ ৰিপৰ্টহে পোৱা গৈছে ৷ ৰিপৰ্ট অনুসৰি এই লোকসকলৰ মৃত্যৰ কাৰণ হাৰ্ট ষ্টোক, ব্ৰেইন ষ্টোক, পুৰণি গভীৰ ৰোগ ।

উল্লেখযোগ্য যে তলাবন্ধৰ ফলত দেশত মৃত্যু হোৱা শ্ৰমিকৰ পৰিসংখ্যাক লৈ পুনৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰক কটাক্ষ কৰিছে । ৰাহুলে টুইটাৰ যোগে মোদী চৰকাৰক উদ্দেশ্যি টুইট কৰে “তলাবন্ধত কিমান শ্ৰমিকৰ মৃত্যু হ’ল আৰু কিমানৰ চাকৰি গ’ল মোদী চৰকাৰে নাজানে ।” কাৰণ কৰ’না প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধত কিমান শ্ৰমিকৰ মৃত্যু হ’ল আৰু কিমানে চাকৰি হেৰুৱালে সেই সম্পৰ্কে সংসদত তথ্য নাই বুলি সদৰী কৰে চৰকাৰে ।

উল্লেখযোগ্য যে NGO “Save Life” ৰ মতে ২৪ মাৰ্চৰ পৰা ২ জুনলৈকে ১৯৮ জন শ্ৰমিকৰ মৃত্যু হয় । NGO টোৰ মতে ৩ টা বৃহৎ দুৰ্ঘটনাত ৪৮ জন শ্ৰমিকৰ মৃত্যু হয় । ১৬ মে’ত উত্তৰ প্ৰদেশৰ ট্ৰাক দুৰ্ঘটনাত ২৪ জন শ্ৰমিকৰ মৃত্যু হয় । ১৪ মে’ত মধ্যপ্ৰদেশৰ গুনাত ট্ৰাক আৰু বাছৰ সংঘৰ্ষত ৮ জন শ্ৰমিকৰ মৃত্যু হয় । আনহাতে একেদিনাই অৰ্থাৎ ১৪ মে’ত মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত ট্ৰেইনৰ চেপাত ১৬ জনকৈ শ্ৰমিকৰ মৃত্যু হয় ।

Exit mobile version