ফাদিল হল বজালীত ছহিদ বেদী ভঙা ৰহস্য

b26e2247 e53d 4c75 b5ca c5a0f36e3457

১২ ঘণ্টাৰ ভিতৰতে পাটাছাৰকুছি আৰক্ষীয়ে বজালীৰ নিত্যানন্দত ছহিদ বেদী ভঙা ঘটনাৰ ৰহস্য ফাদিল কৰে । শনিবাৰে পুৱা বজালীৰ নিত্যানন্দৰ মধ্য বজালী কনিষ্ঠ মহাবিদ্যালয়ত থকা আছুৰ ছহিদ বেদী ভঙা ঘটনা পোহৰলৈ অহাৰ পিছতে বৃহত্তৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু আছুৱে ঘটনা সন্দৰ্ভত দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবীত পাটাছাৰকুছি থানাত গোচৰ ৰুজু কৰিছিল ।

এনে ঘটনাৰ পিছতে পাটাছাৰকুছি থানাৰ বিষয়া চন্দন গোস্বামী য়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ঘটনাৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি বিশ্বকৰ্মা পূজাৰ দিনা ভাঙি পৰিছিল ছহিদ বেদীটো আৰু উক্ত ঘটনাটো শনিবাৰেহে পোহৰলৈ আহিছিল ।

এগৰাকী ৯ বছৰীয়া কণমানিয়ে ছহিদ বেদীৰ ওপৰত উঠি খেলোতে পিছল খাই বেদীটোৰ ওপৰ ভাগত ধৰিছিল আৰু হঠাৎ ভাঙি পৰিছিল বেদীটো । ছহিদ বেদীটো পুৰণি আৰু বহু পৰিমাণে দুৰ্বল অৱস্থাত আছিল ।

দৰাচলতে বিশ্বকৰ্মা পূজাৰ দিনা মহাবিদ্যালয় চৌহদত ছহিদ বেদীটোৰ সমীপৰ পুখুৰীত কণমানিটোৰ খুড়াকে পৰিয়ালৰ বাহনখন ধুই থাকোতে কণমানি টোৱে ছহিদ বেদীত উঠি আছিল আৰু তাৰ পিছত দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল ।

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত শনিবাৰে আছুৱে পাটাছাৰকুছি থানাত গোচৰ ৰুজু কৰাৰ সমান্তৰাল ভাৱে সংবাদ মাধ্যমত বিষয়টো তৎকালীন ভাৱে বিয়পি পৰি এটা কঠিন পৰিৱেশৰ সৃষ্টি হৈছিল । ইতিমধ্যে থানাত গোচৰটো পঞ্জীয়ন হৈছিল । ফলত আজি কণমানিটোৰ পিতৃয়ে পাটাছাৰকুছি থানাত উপস্হিত হৈ ঘটনাৰ সবিশেষ আৰক্ষীক অৱগত কৰে ।

আনকি পৰিয়ালটোৱে ছহিদ বেদীটো নিজে বনাই দিয়াৰ আগ্ৰহ প্ৰকাশ কৰিছে । এনে ক্ষণত আৰক্ষীয়ে এতিয়া বিষয়টোত এটা ৯ বছৰীয়া কণমানি জড়িত হোৱাত বিমোৰত পৰিছে । আনহাতে শনিবাৰে উক্ত বিষয়টো আদালতৰ প্ৰক্ৰিয়াৰ মাজেৰে সিন্ধান্ত লোৱা হ’ব বুলি পাটাছাৰকুছি থানাৰ আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে জানিবলৈ দিয়ে l

Exit mobile version