বিক্ৰীৰ পথত দেশৰ ব্যক্তিগত খণ্ডৰ সহস্ৰাধিক বিদ্যালয়

large fhmECszKQviVxia50gCOWPGxi GKqITRk7sYoMHa7hw

শিক্ষা ব্যৱস্থাত কৰনাৰ প্ৰভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনন্দিন পাঠদানৰ লগতে বেচৰকাৰী বিদ্যালয়সমূহ পৰিচালনাৰ ক্ষেত্ৰত কৰ’না এক বৃহৎ প্রতিবন্ধক হৈ পৰিছে । ফলত দেশৰ সহস্রাধিক বেচৰকাৰী বিদ্যালয় সম্প্রতি বিক্ৰী হােৱাৰ পথত । বিদ্যালয়বিলাক সক্রিয় কৰি ৰাখিবলৈ হ’লে কমেও চাৰে সাত হেজাৰ কোটি টকা বিনিয়ােগ কৰাৰ প্রয়ােজন ।

শেহতীয়া এক সমীক্ষাত এই তথ্য পােহৰলৈ আহিছে । চেট্টো ভেনচাৰ্ছ’ নামৰ এটি সংস্থাই শিক্ষাক্ষেত্ৰত এই সমীক্ষা চলাইছিল । চেৰেষ্ট্ৰাৰ সমীক্ষা অনুসৰি কৰনাৰ ফলত বিদ্যালয় বন্ধ হৈ থকাত শিক্ষকসকলক দৰমহা দিয়াত বহু বেচৰকাৰী বিদ্যালয়ে সমস্যাৰ মুখত পৰিছে । বহু ক্ষেত্ৰত অভিভাৱকসকলেও সন্তানৰ বিদ্যালয়ৰ মাচুল দিবলৈ সক্ষম হােৱা নাই ।

এনে পৰিস্থিতিত বিদ্যালয়বিলাক সক্রিয় কৰি ৰাখিবলৈ বহু বিদ্যালয়ৰ গৰাকীয়ে অতিৰিক্ত ব্যয় বহন কৰিবলগীয়া হৈছে । সেয়েহে বহু বিদ্যালয় আনৰ হাতত বিক্ৰী কৰি দিবলৈ কর্তৃপক্ষই সিদ্ধান্ত ল’বলগীয়া হৈছে । ফলত শিক্ষার্থী সকলৰ ভৱিষ্যতক লৈও সংকট নামি আহিছে ।

সমীক্ষাটোৰ অনুসৰি দেশৰ ৮০ শতাংশ শিক্ষা প্রতিষ্ঠানত বেচৰকাৰী বিনিয়ােগ হৈ আহিছে। এই শিক্ষা প্রতিষ্ঠানবিলাকত বার্ষিক মাচুল অতি কমেও ৫০ হেজাৰ টকা হয়গৈ। চেৰেষ্ট্ৰাৰ বিষয়ববীয়া বিশাল গােয়েলে কয়, কৰ’না সংকটৰ বাবে বহুকেইখন ৰাজ্য চৰকাৰে বেচৰকাৰী বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ মাচুল লােৱাত বাধা প্রদান কৰিছে। ফলত বিদ্যালয় বিলাকতাে এক নতুন সমস্যাৰ উদ্ভৱ হৈছে । কিয়নাে বিদ্যালয়ৰ সামগ্রিক ব্যয় আৰু শিক্ষকৰ দৰমহাত বৃহৎ অংকৰ ধনৰ প্রয়ােজন হয়।

দৰমহা দিব নােৱৰাত বহু বিদ্যালয়ত শিক্ষকৰ চাকৰিও গৈছে । বহু বিদ্যালয়ে শিক্ষকৰ দৰমহা কৰ্তন কৰিছে। কর্ণাটক-মহাৰাষ্ট্র-তেলেংগানা আদি ৰাজ্যত ২০-২৫খন বিদ্যালয়ৰ গৰাকীয়ে বিক্ৰীৰ বাবে ক্রেতা বিচাৰিবলৈ লৈছে। দেশত বর্তমানেও কৰ’না সংক্রমণ হাস পােৱা নাই । এনে পৰিস্থিতিত সকলাে বিদ্যালয় অতি শীঘ্ৰে খুলি দিয়াৰ কোনাে নিশ্চয়তা নাই ।

সাম্প্রতিক পৰিস্থিতি পৰিৱর্তনৰ আশাৰে এখন বিদ্যালয়ৰ গৰাকী প্রজোধ ৰাজনে কয়, ‘বেচৰকাৰী বিদ্যালয় চলােৱাসকলৰ বহুজনেই আন কোনাে ব্যৱসায়ৰ স’তেও জড়িত হৈ আছে । নিজৰ পৃথক ব্যৱসায়ৰ লাভৰ ধনপৰিস্থিতি অনুসৰি বিদ্যালয়ত বিনিয়ােগ কৰিবলগীয়া হয় । কিন্তু কৰনাৰ প্ৰভাৱত সম্প্রতি নিজৰ পৃথক ব্যৱসায়তাে প্ৰভাৱ পৰিছে ।

বাধ্য হৈ বিদ্যালয়ৰ এনে গৰাকীসকলে নিজৰ লাভজনক ব্যৱসায়ৰ পৰা ধন আনি বিদ্যালয়ৰ ব্যৱসায়ত ধন বিনিয়ােগ কৰাত আগ্রহ হেৰুৱাই পেলাইছে । ফলত সকলাে মিলাই বেচৰকাৰী বিদ্যালয়ৰ সাম্প্রতিক পৰিস্থিতি আৰু অধিক জটিল পর্যায়লৈ গতি কৰিছে ।

Exit mobile version