বিটিচিত উপৰ্যুপৰি মাৰণাস্ত্ৰ উদ্ধাৰত শংকিত জনসাধাৰণ

IMG 20200920 WA0073

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰ, তদানীন্তন বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু এন ডি এফ বিৰ বিভিন্ন গোটৰ মাজত শান্তি চুক্তি হোৱাৰ পিছত বৃহত্তৰ বিটিচি অঞ্চলটোলৈ স্থায়ী শান্তি ঘূৰি আহিব বুলি জনসাধাৰণ আশ্বস্ত হৈছিল ।

কিন্তু বিগত কিছুদিন ধৰি ওদালগুৰি আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত উপৰ্যুপৰি ব্যাপক হাৰত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই বিটিচিবাসীক বাৰুকৈয়ে ভীতিগ্ৰস্ত কৰি তুলিছে । তাৰ মাজতে যোৱা শনিবাৰে নিশা কোকৰাঝাৰ জিলাৰ কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী আওহতীয়া অঞ্চলত উদ্ধাৰ হৈছে গ্ৰেণেড-গুলীসহ পৰিত্যক্ত মাৰণাস্ত্ৰ ।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কোকৰাঝাৰ সদৰ থানাৰ বিষয়া লাটুক দাস, সহকাৰী আৰক্ষী উপ পৰিদৰ্শক আনন্দী ৰাভাৰ নেতৃত্বত আৰক্ষী আৰু এছ এছবিৰ যৌথ অভিযানত যোৱা শনিবাৰে নিশা ১০ বজাত অতি ভিতৰুৱা  উক্ত অঞ্চলটোত অভিযান চলাই গছৰ গুৰিত পুতি থোৱা অৱস্থাত মেগজিন সহ হস্ত নিৰ্মিত এটা একে-৪৭ ৰাইফল, মেগজিন সহ হস্তনির্মিত ইউ জি ৰাইফল এটা, মেগজিন সহ ৭.৬২ পিষ্টল এটা, শক্তিশালী গ্ৰেণেড ৪টা আৰু ১৩ জাই একে-৪৭ ৰাইফলৰ গুলি উদ্ধাৰ কৰে ।

উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ কৰা অস্ত্ৰ-শস্ত্ৰখিনি ইতিমধ্যে কচুগাঁও থানাত ৰখা হৈছে যদিও এই সন্দৰ্ভত কোনো লোকক কৰায়ত্ত কৰিব পৰা হোৱা নাই বুলি আৰক্ষী সূত্ৰই দৈনিক অগ্ৰদূতক জনাইছে ।

Exit mobile version