সমগ্ৰ বিশ্বত সংহাৰ সৃষ্টি কৰা এই মহামাৰীৰ শেষ ক’ত ?

thumbs b c a01b5f74c2144a29ca2b7d916e1d6647

সমগ্ৰ বিশত কৰ’নাৰ মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৩০ মিলিয়নৰ ঘৰ অতিক্ৰম কৰিলে ৷লগত কৰ’নাত মৃত্যু হৈছে ৯,৫৬,৮৮১ জন। ২০১৯ ৰ ডিচেম্বৰত চীনৰ উহানৰ পৰা আৰম্ভ হোৱা কৰ’না এতিয়া বিশ্বৰ ২১৩ দেশত বিয়পি পৰিছে। সমগ্ৰ বিশ্বৰ বিশেষজ্ঞ আৰু চিকিৎসকসকল কৰ’নাৰ ভেকচিন প্ৰস্তুত কৰাত ব্যস্ত থকাৰ সময়তে, প্ৰশ্ন হয় কেতিয়া শেষ হ’ব এই মহামাৰী ?

কিন্তু এই প্ৰশ্নটোৰ কোনো প্ৰকৃত উত্তৰ নাই৷আনহাতে ইতিহাসত যেতিয়াই মহামাৰীৰ শেষ ক’ত? সেয়া নিৰীক্ষণ কৰা হয় ৷তেতিয়াই দেখা যায় যে, মহামাৰী কেতিয়াবা চিকিৎসা বিজ্ঞানে শেষ কৰে বা কেতিয়াবা সামাজিকভাৱেই নাইকিয়া হয় । কাৰণ , চিকিৎসা বিজ্ঞানে কোনো ভেকচিনৰ দ্বাৰা এই মহামাৰীৰ অন্ত পেলাব পাৰে ৷

কৰ’নাৰ ভেকচিনৰ ক্ষেত্ৰত প্ৰায় ১৬৫ টা ভেকচিন এতিয়াও বিভিন্ন স্তৰত পৰীক্ষণ হৈ আছে ।ইয়াৰ ভিতৰত প্ৰায় ৩৩টা ভেকচিন মানৱ দেহত পৰীক্ষণত শেষ পৰ্যায়ত আছে। ভেকচিনৰ সন্দৰ্ভত ভাল খবৰটো হৈছে ভেকচিনটো সম্পূৰ্ণভাৱে মানৱ দেহৰ কাৰণে উপযোগী নহ’লেও কৰ’না মহামাৰীক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব ৷

বিশেষজ্ঞ ডা° এন্থনী ফ’চীৰ মতে,৫০-৬০ শতাংশ সুৰক্ষা হ’লেও এটা ভেকচিনক গ্ৰহণ কৰিব পৰা যায়। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি ইতিমধ্যে ট্ৰায়েল হৈ থকা ভেকচিনসমূহৰ ভিতৰত ২০২১ৰ প্ৰথম অৱস্থাত জনসাধাৰণে লাভ কৰিব ।অৱশ্যে এই কথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়েও সদৰী কৰিছে৷

স্পেনিছ ফ্লুৱে সমগ্ৰ বিশ্বৰ প্ৰায় ৫০০ লোকক সংক্ৰমণ কৰাইছিল। এই ভাইৰাছ তেতিয়াই শেষ হৈছিল যেতিয়াই মানুহে ভাইৰাছটোৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিছিল।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে মহামাৰীৰ কোনো শেষ নাই। ইয়াক আমি নিয়ন্ত্ৰণহে কৰিব পাৰো। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি,সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু সুৰক্ষিত ভেকচিন -এই তিনিটা কথাৰ ওপৰত ভিত্তি কৰিয়ে আমি মহামাৰীক নিয়ন্ত্ৰণ কৰিব পাৰো ।

Exit mobile version