সাগৰৰ জলপৃষ্ঠ বৃদ্ধিক লৈ নাছাৰ গৱেষণাত অধিক বিপদৰ আশংকা

Screenshot 120

‘গ্ৰীণ হাউছ’ গেছ নিৰ্গমনৰ ফলত বৃদ্ধি পোৱা উষ্ণতাৰ বাবে দ্ৰুত হাৰত বৰফ গলিবলৈ লৈছে গ্ৰীণলেণ্ড তথা এণ্টাৰ্কটিকাত । এনেদৰে বৰফ গলি থাকিবলৈ হ’লে অহা ৮০ বছৰৰ ভিতৰত ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ’ব সমুদ্ৰত ।একমাত্ৰ গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাত বৰফ গলাৰ ফলতে পৃথিৱীৰ সাগৰৰ জলস্তৰ প্ৰায় ডেৰ ফুটৰো অধিক বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে ।

মাৰ্কিন গৱেষণা সংস্থা নাছাৰ নেতৃত্বত সম্পন্ন এক আন্তঃৰাষ্ট্ৰীয় গৱেষণাত এই তথ্য পোহৰলৈ আহিছে । গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি, বৰ্তমানৰ হাৰত গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাত বৰফ গলি থাকিবলৈ হ’লে ২১০০লৈ পৃথিৱীৰ আটাইকেইখন সাগৰৰ জলস্তৰ ১৫ ইঞ্চিৰো অধিকলৈ বৃদ্ধি পাব ।

যোৱা বছৰ আই পি পি চি ৰ এক বিশেষ প্ৰতিবেদনতো একে ধৰণৰ সকীয়নি দিয়া হৈছিল । ২১০০ লৈ জলপৃষ্ঠ এক তৃতীয়াংশ বৃদ্ধি পোৱাৰ লগতে গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ সকলো বৰফৰ স্তৰ গলি যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছিল ।

গ্ৰীণলেণ্ডত বৰফ গলাৰ ফলত চলিত শতিকাৰ অন্তত সমুদ্ৰৰ জলপৃষ্ঠ ৩.১ৰ পৰা ১০.৬ইঞ্চিলৈ আৰু এণ্টাৰ্কটিকাত বৰফ গলাৰ ফলত জলপৃষ্ঠ ১.২ৰ পৰা ১১ ইঞ্চিলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

এই প্ৰকল্পৰ মূল গৱেষক বাফালো বিশ্ববিদ্যালয়ৰ অধ্যাপক চ’ফি ন’উইকিয়ে কয় , “৮০-১০০ বছৰ পাছত সাগৰৰ জলপৃষ্ঠ কিমান বৃদ্ধি পাব সকলো কথা নিৰ্ভৰ কৰিছে বৰফ গলাৰ ওপৰত । ইয়াৰ স’তে জড়িত হৈ আছে উষ্ণতা বৃদ্ধিৰ বিষয়টোও ।”

গৱেষকসকলৰ মতে, গ্ৰীণ হাউছ গেছ নিৰ্গমনৰ হাৰ যদি বৰ্তমানতকৈ অধিক হয় তেন্তে গ্ৰীণলেণ্ডৰ বৰফৰ স্তৰ গলাৰ ফলত ২১০০ লৈ সাগৰৰ জলপৃষ্ঠ ১.৩ ইঞ্চি পৰ্যন্ত বৃদ্ধি পাব । এই গৱেষণাই ২০২২ ত আই পি চি চি ৰ প্ৰতিবেদন প্ৰস্তুতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি মত ব্যক্ত কৰিছে বিশেষজ্ঞসকলে ।

Exit mobile version