আমেৰিকাত সংকট হ্ৰাস হ’ল টিকটকৰ

tiktok

1133793996

যুৱক যুৱতীসকলৰ মাজত জনপ্ৰিয় টিকটকৰ সন্দৰ্ভত আমেৰিকাত দেখা দিয়া সংকট সম্প্ৰতি শেষ হৈ আহিছে । কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে Oracle ৰ লগত Tik ্Tok ৰ চুক্তি কৰিবলৈ মঞ্জুৰী প্ৰদান কৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে Tik tok ত বিশ্বত প্ৰচাৰ কৰা হ’ব ।

টিকটকৰ মুখ্য কাৰ্যালয় আমেৰিকাত হ’ব পাৰে বা টেক্সাচটো হ’ব পাৰে ৷ ইপিনে Oracle Corpনতুন কোম্পানীটোৱে Tik Tokৰ ১২.৫ শতাংশ ক্ৰয় কৰিব ৷ Oracle য়ে প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকে আমেৰিকাৰ সকলো নাগৰিকৰ তথ্যৰ সুৰক্ষিত কৰাৰ লগতে নিজৰ কম্পিউটাৰ চিষ্টেমকো সুৰক্ষিত ৰাখিব ৷

ইয়াৰোপৰি Walmart য়ে টিকটকৰ ৭.৫ শতাংশ ক্ৰয় কৰিব ৷ এই সন্দৰ্ভত Walmart য়ে কয় যে তেওঁলোকৰ মুখ্য কাৰ্যবাহী বিষয়া ডগ মেকমিলনে Tik Tok ৰ লগত কাম কৰিব ৷ Tik Tok গ্ল’বেলত ৫ খনৰ ভিতৰত ৪ খন আসনেই হ’ব আমেৰিকাৰ ।

আনহাতে টিকটকৰ এই চুক্তিত মঞ্জুৰী পোৱাৰ পাছত “Tik Tok,Oracle আৰু Walmartয়ে আমেৰিকাৰ প্ৰশাসনৰ সুৰক্ষাৰ সন্দৰ্ভত চিন্তা কৰিব আৰু ভৱিষ্যতে আমেৰিকাত টিকটকৰ ভৱিষ্যত সন্দৰ্ভত আলোচনা কৰিব ৷ নিউজ এজেন্সী ৰাইট্ছৰ এক বিশেষ সূত্ৰৰ মতে Tik Tok ৰ মালিক Byte Dance নে আমেৰিকাৰ ৪০ শতাংশ অংশীদাৰীত্ব আছে ৷

এতিয়া হোৱাইট হাউচে Tik Tok গ্ল’বেলত আমেৰিকাৰ লোকসকলৰ কিমান অংশীদাৰিত্ব আছে সেয়া নিৰীক্ষণ কৰিব ৷ অৱশ্যে ByteDance য়ে এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ আৰু Walmart আৰু Oracle য়েও Tik Tok Global ৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়া নাই।

Exit mobile version