আইনৰ প্ৰথমগৰাকী অসমীয়া গৱেষক ডঃ নলিনী কান্ত ডেকাৰ বিয়োগ

9ebefde9 42bc 4c50 a76c 4b77b1ce33e0

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্রাপ্ত অধ্যাপক ডঃ নলিনী কান্ত ডেকা আৰু নাই। দেওবাৰে নিশা প্ৰায় ৮বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮৫বছৰ।নলবাৰী জিলাৰ বৰশলাত জন্মগ্ৰহণ কৰা ডেকাই নলবাৰীতে স্কুলীয়া শিক্ষা, কটন কলেজৰ পৰা কলেজীয়া শিক্ষা লয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান বিষয়ত সোণৰ পদক সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ আইন পঢ়িবলৈ লয়।আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি একেটা বছৰত অৰ্থাৎ ১৯৬২ চনত তেওঁ এ চি এছ পৰীক্ষাত উত্তীৰ্ণ হয়।চৰকাৰী চাকৰি কৰি থকাৰ সময়ত তেওঁ আইনৰ গৱেষণা কৰি থাকে।

১৯৮৭চনত আইনৰ পি এইচ দি ডিগ্ৰী লাভ কৰি চৰকাৰী চাকৰি ইস্তাফা দিয়ে।পৰৱৰ্তী সময়ত জে বি ল’ কলেজত অধ্যাপনা কৰিবলৈ লয়।পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত আইনৰ অধ্যাপকৰূপে যোগ দিয়ে।তেওঁৰ গৱেষণাৰ ঠেছিছ ‘আচাম লেণ্ড ৰেভিনিউ’ আইনৰ ছাত্ৰৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈ পৰিছে।তেওঁৰ মৃত্যুত জন্মস্থান বৰশলা আৰু বাসস্থান গুৱাহাটীৰ নিজৰা পাৰত গভীৰ শোকৰ ছাঁ পৰিছে।মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিজন পুত্ৰ,এগৰাকী কন্যা আৰু নাতি নাতিনীক এৰি থৈ যায়।

Exit mobile version