দিশহাৰা হৈ নদীত আবদ্ধ হৈ পৰিল তিনিটাকৈ তিমি

200914101902 01 humpback whale kakadu national park super 169

দিশ হেৰুৱাই হঠাৎ নদীত আবদ্ধ হৈ পৰিল  তিনিটাকৈ তিমি । নদীখনৰ পৰা সমুদ্রলৈ ঘূৰি যাব পৰা নাছিল তিমিকেইটা । এই তিমি তিনিটা এণ্টাৰ্কটিকালৈ গৈ থকা অৱস্থাত এইদৰে আবদ্ধ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে । নদী খনো আছিল অসংখ্য ঘৰিয়ালৰ বাসস্থান । এই ঘটনাটো সংঘটিত হয় অষ্ট্ৰেলিয়াৰ উত্তৰে থকা ‘kakadu National park’ৰ ‘east alligator river ‘ ত ।

এই ঘটনাই ছ’চিয়েল মিডিয়াতো চৰ্চিত হৈছে । অৱশেষত নদীত আবদ্ধ দুটা তিমি কোনোমতে নদী খনৰ পৰা সমুদ্রলৈ ঘূৰি যাবলৈ সক্ষম হয়, কিন্তু এটা তিমি আবদ্ধ হৈ থাকিল নদী খনতে । তিমিটো কোনো নাওৰ স’তে সংঘৰ্ষ হ’ব পাৰে বুলি চিন্তিত হয় ৰাষ্ট্ৰীয় উদ্যান খনৰ কৰ্মকর্তাসকল । অৱশেষত দুই সপ্তাহৰ অন্তত তিমিতো পুনৰ সমুদ্ৰলৈ ঘূৰি যাবলৈ সক্ষম হয় ।

‘kakadu national park’ কর্মীসকলে তিমিটো নদীৰ পৰা সমুদ্রলৈ গৈ থকা অৱস্থাৰ এটা ভিডিঅ’ ফেচবুকত আপলোড কৰে । ভিডিঅ’টোত দেখা গৈছে দ্ৰুত গতিৰে নিজৰ গন্তব্যস্থানলৈ ধাৱমান হৈছে তিমিটো । তিমিটোৰ এই যাত্ৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত একাধিক লোকে প্ৰত্যক্ষ কৰে ।

কোনো তিমি নদীত এইদৰে আবদ্ধ হোৱাটো এইয়া প্ৰথম ঘটনা । এই নজিৰ বিহীন ঘটনা সন্দৰ্ভত বিশেষজ্ঞ সকলে কয় যে এই তিমি কেইটা এণ্টাৰ্কটিকালৈ গৈ আছিল আৰু ভুলক্ৰমে মোহনাত সোমাই পৰে যাৰ ফলত নদী প্ৰণালীত আবদ্ধ হৈ পৰে ।

Exit mobile version