পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

Screenshot 124

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জিৰিবাছা ইংহিবস্তিত (কাৰ্বি গাওঁ) নিশা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক । এই পর্যন্ত চিনাক্ত কৰিব পৰা নাই লোকজনৰ পৰিচয় অথবা নাম-ঠিকনা ।

আনহাতে, লোকজন হোজাই জিলাৰ বাসিন্দা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । জিৰিবাছা ইংহিবস্তি অঞ্চলৰ পৰা উভতি যোৱাৰ পথত নিশা প্ৰায় ৭ বজাত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত আৰক্ষী-খেৰণি বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version