Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Loksabha Election 2024:দুৰ্গ ৰক্ষাত সফল হ’বনে ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
May 6, 2024
in Assam, India, News
Reading Time: 1 min read
0
Loksabha Election 2024:দুৰ্গ ৰক্ষাত সফল হ’বনে ?
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

Loksabha Election 2024:দুৰ্গ ৰক্ষাত সফল হ’বনে ?

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

ইতিমধ্যে প্রথম দুটা পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত তৃতীয়টোৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰা এইবাৰৰ লোকসভা নির্বাচনে বিশেষ আকর্ষণীয় ৰূপ ধাৰণ কৰিছে। আৰু পাঁচটা পৰ্যায়ৰ ভোটগ্রহণ বাকী আছেই যদিও সম্ভাব্য ফলাফলক লৈ ব্যাপক জল্পনা- কল্পনা চলিছে। একাংশ বিশ্লেষকে কৈছে যে গৰিষ্ঠ সংখ্যক ভোটাৰে এইবাৰৰ নির্বাচনক লৈ নীৰৱতা অৱলম্বন কৰা হেতুকে কোন দলে অধিক সমর্থন লাভ কৰিছে তাৰ স্পষ্ট উমান লাভ কৰাটো কঠিন হৈছে। অৱশ্যে বাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষণৰ কোনো চেষ্টা এৰি দিয়া নাই। বিশেষকৈ শাসকীয় ভাৰতীয় জনতা পার্টিয়ে সর্বশক্তি প্রয়োগ কৰি জঁপিয়াই পৰিছে।

২০১৯ৰ দৰে এইবাৰ যে একপক্ষীয় নির্বাচন হোৱা নাই, সেইটো অৱশ্যে স্পষ্ট হৈছে। সেই বাবেই নির্বাচনী প্রচাৰত একাংশ নেতাই চৰম মিথ্যাচাৰৰ আশ্রয় লোৱাও পৰিলক্ষিত হৈছে। দুই-একে প্রতিপক্ষক সমালোচনা কৰিবলৈ গৈ স্পর্ধাৰ সীমা অতিক্রম কৰিছে। এনে দুর্ভাগ্যজনক কার্যকলাপ সত্ত্বেও নির্বাচন আয়োগৰ ভূমিকা আশ্চৰ্যকৰভাৱে দুৰ্ৱল বুলি ক্ষোভ-অসন্তুষ্টিৰ সৃষ্টি হৈছে। আনকি প্রথম পৰ্যায়ৰ ভোটগ্রহণৰ চূড়ান্ত হাৰ সুদীর্ঘ ১০ দিন পাছতহে প্রকাশ কৰাটোৱে আয়োগৰ ভূমিকাৰ প্ৰতি সন্দেহৰ উদ্রেক ঘটাইছে।

তাকো ভোটাৰৰ সংখ্যাৰ পৰিৱৰ্তে কেৱল ভোটদানৰ হাৰ প্ৰকাশ কৰাক লৈও প্রশ্ন উত্থাপিত হৈছে। প্রথম দুটা পৰ্যায়ৰ ভোটগ্রহণৰ হাৰ পূৰ্বৰ নিৰ্বাচনতকৈ যথেষ্ট হ্রাস পাইছে বুলি উল্লেখ কৰাৰ ১০ দিন পাছত ৬৬ শতাংশৰ সামান্য অধিক হাৰত ভোটদান হৈছে বুলি আয়োগে প্রকাশ কৰিছে। সেই বাবে বিৰোধী দলৰ নেতৃত্বত্রই ইয়াৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে; কিয়নো পূর্বতে যিকোনো নির্বাচনত ভোটগ্রহণৰ এদিন পাছতে চূড়ান্ত হাব প্রকাশ কৰি আহিছে। লগতে ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰৰ সংখ্যাও সদৰী কৰা হৈ আহিছে। এইবাৰ অস্বাভাবিকভাৱে তাৰ ব্যতিক্রম হোৱাত প্রশ্ন উত্থাপিত হোৱাটো স্বাভাবিক বুলিয়েই ক’ব লাগিব।

নির্বাচন জয়ৰ বাবে একাংশ নেতা তথা প্রার্থীয়ে অতি নিকৃষ্ট ধৰণৰ কথাৰ ফুলজাৰি মাৰিছে। অসাংবিধানিক নিকৃষ্ট ভাষাও একাংশ নেতাৰ মুখেদি নিঃসৃত হৈছে। অসমো এই ক্ষেত্রত পিছপৰি ৰোৱা নাই। অসমৰ বহু বাঘা বাঘা নেতাৰ কথাৰ মান এতিয়া শুকুৰ আলী নামৰ বহুৱাটোৰ পৰ্যায়লৈ অৱনমিত হৈছে। সেইসকলৰ কথা-বতৰাও সেয়ে তেনে পর্যায়তে আৱদ্ধ হৈ পৰিছে। আনকি মহিলাৰ প্ৰতি সাধাৰণ সৌজন্যকণ প্রদর্শন কৰিবলৈকো পাহৰি গৈছে। নির্বাচনত দুই- এবাৰ জয়ী হৈ মন্ত্রী-বিধায়ক হ’বলৈ পাই তেনে একাংশ নেতাই বাস্তৱ পৰিস্থিতি পাহবি হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে। তেওঁলোকে অসমৰ ভোটাৰ ৰাইজক চিৰকালৰ বাবে কিনি লোৱা বুলি ধৰি লৈছে। এনে এচামৰ বিপৰীতে একেবাহে আঠবাৰকৈ অনায়াসে নির্বাচনত জয়লাভ কৰি অহা অগপ নেতা তথা বৰপেটা লোকসভা সমষ্টিৰ প্রার্থী ফণীভূষণ চৌধুৰীৰ বিনয়ী আচৰণলৈ লক্ষ্য কৰিলে এনে সাফল্যৰ কাৰণ বিচাৰি পাব নিশ্চয়। এইবাৰৰ নির্বাচন তৃতীয়টো কার্যকালৰ বাবে ক্ষমতা দখলৰ অভিযান অব্যাহত ৰখা প্রধানমন্ত্রী নৰেন্দ্র মোদী অথবা বিজেপিৰ বাবেই কেৱল নহয়, ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বাবেও সমানেই তাৎপর্যপূর্ণ আৰু দিক নির্ণায়ক।

২০১৪ৰ পৰা কংগ্ৰেছে তৃতীয় বাৰলৈ ৰাহুল গান্ধীক সমুখত ৰাখি সাধাৰণ নিৰ্বাচনত অৱতীর্ণ হৈছে। বিগত এক দশকত দেশৰ ৰাজনীতিত খোপনি শিথিল হৈ পৰা কংগ্রেছে এইবাৰ আশানুৰূপ ফল লাভত ব্যর্থ হ’লে যে চৰম বিপর্যয়ৰ সম্মুখীন হ’বলগীয়া হ’ব, তাত সন্দেহ নাই। এই কথা ঠিক যে ধনবল-জনবলৰ লগতে দীর্ঘদিনীয়া পৰিকল্পনাবে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিজেপিয়ে অতি আগ্রাসীভাৱে নির্বাচনত অৱতীর্ণ হৈছে। নির্বাচন জয়ব লক্ষ্যবে উৎকৃষ্ট-নিকৃষ্ট সকলো কৌশল অৱলম্বন কৰিছে। চৰকাৰী যন্ত্ৰকো ব্যৱহাৰ কৰা হৈছে। তৎসত্ত্বেও শংকামুক্ত যে হ’ব পৰা নাই সেয়া নির্বাচন ঘোষণাৰ পৰৱৰ্তী সময়ছোৱাৰ কার্যকলাপেই স্পষ্ট কৰি দিছে। চাৰিশৰ অধিক আসন দখলৰ ধ্বনি দিও বিজেপি থমকিবলগীয়া হৈছে, কাৰণ কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে আশা কৰাতকৈ অধিক কঠোৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

যোৱা দশকটোত লোকসভা অথবা বিভিন্ন ৰাজ্যৰ বিধানসভা নির্বাচনসমূহৰ অধিকাংশতে প্রধানমন্ত্রী মোদীয়ে ‘এজেন্ডা’ নির্ধাৰণ কৰি দি আহিছে। তেওঁৰ সেই এজেণ্ডা অনুসৰণ কৰিবলৈ বাধ্য হৈছে বিৰোধী দলসমূহে। তেনেদৰেই অধিকাংশ নির্বাচনতে সাফল্য লাভ কৰিছে বিজেপিয়ে। এইবাৰৰ নিৰ্বাচনত কিন্তু তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ সময়ছোৱালৈ সেয়া সম্ভৱ হৈ উঠা পৰিলক্ষিত হোৱা নাই। দুর্ভাগ্যজনক মিথ্যাচাৰ তথা অবাঞ্ছিত বিষয় ধাৰাবাহিকভাবে উত্থাপন কৰিও মোদীয়ে এইবাৰ এই ক্ষেত্রত সম্পূর্ণ সফল হ’ব পৰা নাই; বৰঞ্চ কংগ্রেছৰ ‘ন্যায়পত্র’ শীর্ষক নির্বাচনী ইস্তাহাৰেহে মোদীক প্রতিক্রিয়া দিবলৈ বাধ্য কৰাইছে।

সেই বাবেই দুটাকৈ কার্যকালৰ সাফল্যৰ তালিকা ৰাইজৰ সমুখত দাঙি ধৰাৰ পৰিৱৰ্তে কংগ্ৰেছৰ ইস্তাহাৰক লৈহে বিভিন্ন কথাৰে ভোটাৰক আতংকিত কৰি সমর্থন আদায়ৰ চেষ্ট অব্যাহত ৰাখিছে। এনে প্রত্যাহ্বান সৃষ্টিৰ আঁৰত যে কংগ্রেছ নেতা ৰাহুল গান্ধীৰেই সর্বাধিক অৱদান আছে, তাত নিশ্চয় কাৰো দ্বিমত নাথাকিব। এটাৰ পাছত আনটো নির্বাচনত মুখ থেকেচা খোৱাৰ পাছত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্রাই ৰাহুল গান্ধীলৈ সামগ্রিকভারে জনমানসত যে এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হয়, তাত সন্দেহ নাই।

ফলস্বৰূপে সততে বিভিন্ন ধৰণে উপলুঙা কৰিব ‘ছিৰিয়াছ নহয় বুলি সমালোচনা কৰি অহা সকলেও ৰাহুলক পৃথক দৃষ্টিৰে চাবলৈ বাধ্য হৈছে। এই যাত্রাই কংগ্রেছক নির্বাচনী ৰাজনীতিত কেনে ধৰণে লাভৱান কৰে তাক লৈ বিতৰ্কৰ অৱকাশ থাকিলেও ব্যক্তিগতভাবে ৰাহুল গান্ধীৰ ছবিখন দেশবাসীৰ সমুখত নতুনকৈ দাঙি ধৰাত সহায়ক হৈছে। আনকি নির্বাচনী প্রক্রিয়া অব্যাহত থকাৰ মাজতো বিজেপিয়ে কংগ্ৰেছৰ বিভিন্ন পর্যায়ৰ নেতাক দলত অন্তর্ভুক্ত কৰাৰ অভিযান অব্যাহত ৰখাটো তাৎপর্যপূর্ণ।

কিন্তু পধানমন্ত্রী মোদী আৰু বিজেপিৰ সন্মুখত প্রত্যাহ্বান সৃষ্টি কৰিলেও ৰাহুল গান্ধীয়ে নিজৰ দুৰ্গ ৰক্ষা কৰিবলৈ সক্ষম হ’বনে, তাক লৈ চর্চা অব্যাহত আছে। ২০০৪ৰ পৰা উত্তৰ প্ৰদেশৰ আমেথি লোকসভা সমষ্টিৰ পৰা ৰাহুল গান্ধী তিনিবাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱাৰ পাছত যোৱাবাৰ বিজেপি প্রার্থী স্মৃতি ইৰাণীৰ হাতত ধৰাশায়ী হয়। এনে উমান পায়েই দলে আমেথিৰ উপৰি কেৰালাৰ ৱাইনাড় সমষ্টিতো ৰাহুলক প্রতিদ্বন্দ্বিতাত নমাবলৈ বাধ্য হয়। অৱশেষত আমেথিত পৰাস্ত হ’লেও কেৰেলাৰ পৰা তেওঁ সংসদলৈ নিৰ্বাচিত হয়। এইবাৰো ৱাইনাড়ৰ উপৰি আমেথি বা আন কোনো কংগ্ৰেছৰ বাবে সুৰক্ষিত সমষ্টিত ৰাহুলে প্রতিদ্বন্দ্বিতা কৰিব বুলি দীর্ঘদিন ধৰি চৰ্চা চলি আহিছে।

নির্বাচনী প্ৰচাৰ সভাত স্বয়ং প্রধানমন্ত্রী মোদীয়ে ঘোষণা করে যে কংগ্রেছ নেতাজন এইবাৰ ৱাইনাড়তো পৰাজিত হ’ব আৰু তাৰেই উমান পাই তেওঁ আন সমষ্টিতো মনোনয়ন পত্র দাখিল কৰিব। সেয়েহে নেহৰু-গন্ধী পৰিয়ালৰ দুৰ্গৰূপে চিহ্নিত হৈ অহা আমেথি আৰু ইয়াৰ গাতে লাগি থকা ৰাইবেৰেলি সমষ্টি দুটাৰ পৰা কংগ্ৰেছে কাক প্রতিদ্বন্দ্বিতাত নমায়, তাক লৈ সাধাৰণ ভোটাৰৰ মাজতো উৎসুকতাৰ সৃষ্টি হয়। ছোনিয়া গান্ধীয়ে স্বাস্থ্যজনিত কৰণত এইবাৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ পৰা বিৰত থাকি ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নির্বাচিত হৈছে। সেয়েহে তেওঁৰ খালী স্থানত প্রিয়ংকা গান্ধীয়ে প্রতিদ্বন্দ্বিতা কৰিব বুলি কংগ্ৰেছৰ বাহিৰে-ভিতৰে বহুতেই ধাৰণা কৰিছিল।

কিন্তু প্রিয়ংকাই প্রতিদ্বন্দ্বিতাৰ পৰিৱৰ্তে দেশজুৰি দলীয় প্রার্থীৰ হৈ নির্বাচনী প্রচাৰতহে নামিবলে সিদ্ধান্ত গ্রহণ কৰে। এই দুই সমষ্টিত মনোনয়ন পত্র দাখিলৰ অন্তিম দিনা যোৱা শুকুৰবাৰে পুৱাহে কংগ্রেছে অপ্রত্যাশিতভাবে ৰাইবেৰেলিত ৰাহুল গন্ধী আৰু আমেথিত কিশোৰী লাল শর্মাক দলীয় প্রার্থী ঘোষণা কৰে আৰু একেদিনাই দুপৰীয় দুয়ো মনোনয়ন পত্র দাখিল কৰে।

বিগত নির্বচনত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীৰ স’তে প্রতিদ্বন্দ্বিতাত পৰাজিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাহুলে এইবাৰো আমেথিতে প্রতিদ্বন্দিতা কৰিব বুলি সকলো পক্ষ নিশ্চিত আছিল যদিও তাৰ পৰিৱর্তে তেওঁ মাতৃ ছোনিয়া গান্ধীৰ সমষ্টিতহে মনোনয়ন দাখিল কৰে। তাৰ লগে লগে পৰিয়ালৰ দুর্গৰূপে পৰিচিত সমষ্টি হ’লেও তাক ৰক্ষা কৰিবলৈ ৰাহুল গান্ধী সক্ষম হ’বনে, সেইলৈ প্রশ্ন উত্থাপিত হৈছে। সন্দেহ নাই যে কংগ্ৰেছৰ এই প্রার্থী ঘোষণাই নতুন হিচাপ-নিকাচৰ সুযোগ আনি দিছে; কিয়নো আমেথি যে নেহৰু-গান্ধী পৰিয়ালৰ বাবে সুৰক্ষিত হৈ থকা নাই, সেয়া বিগত নির্বাচনৰ ফলাফলেই প্রমাণ কৰি দিছে। এইবাৰো ৰাইবেৰিলিত তুলনামূলভারে দুর্বল বুলি ভবা পূর্ব কংগ্ৰেছ নেতা দীনেশ প্রতাপ সিঙক বিজেপিয়ে প্রার্থিত্ব প্রদান কৰিছে।

উল্লেখ্য যে বিগত ২০১৯ ত উত্তৰ প্ৰদেশৰ ৮০টা সমষ্টিৰ একমাত্র ৰাইবৰেলিতহে কংগ্রেহে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। আনহাতে, প্রধানমন্ত্রী মোদী তথা বিজেপি দল-চৰকাৰৰ সম্পূর্ণ সহায়-সহযোগিতাৰ বলত স্মৃতি ইৰাণীয়ে আমেথিত ৰাহুলক ৫৫ হেজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰে। ২০১৪ত স্মৃতি ৰাহুলৰ হাতত এক লাখ আঠ হেজাৰ ভোটত পৰাজিত হয়; অথচ তাৰ পূর্বে ২০০৯ত ৰাহুল সমষ্টিটোৰ ৭১ শতাংশ ভোট লাভ কৰি তিনি লাখ ৭০ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছিল। সেইবাৰ বিজেপিয়ে লাভ কৰিছিল মাত্র ৫.৮ শতাংশ ভোট। ২০১৯ত ৰাহুলৰ ভোট ৪৩.৮ শতাংশলৈ হ্রাস পায়; অথচ সেইবাৰৰ নিৰ্বাচনত সমাজবাদী পার্টি আৰু বহুজন সমাজ পার্টিয়েও কংগ্রেছক সমর্থন দিছিল।

লক্ষ্যণীয়ভাবে ৰাইবেৰেলিত ছোনিয়া গান্ধী জয়ী হ’লেও ২০১৪ত লাভ কৰা তিনি লাখ ৫২ হেজাৰ ভোট ২০১৯ত এক লাখ ৬৭ হেজাৰলৈ হ্রাস পায়। ইয়ে স্পষ্ট কৰি দিয়ে যে যোৱা দশকটোত কংগ্রেছ তথা নেহৰু-গান্ধী পৰিয়ালৰ দুৰ্গ বুলি অভিহিত কৰিলেও এই দুয়োটা সমষ্টিতে দলৰ ভেটি দিনে দিনে দুর্ৱল হৈ পৰিছে। বিশেষকৈ ২০১৯ৰ পাছৰ পৰা বহু কংগ্ৰেছী প্রতিনিধিয়ে বিভিন্ন কাৰণত বিজেপি অথবা অন্যান্য দললৈ শিৱিৰ সলনি কৰিছে। ইয়াৰ আঁৰত কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ অভিযান তথা ক্ষমতাৰ অংকও জড়িত হৈ আছে।

উত্তৰ প্ৰদেশত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক সমর্থন দিয়া অথবা ভোটদানৰ পৰাই ৰহস্যজনকভাৱে বিৰত থকা বহুজন সমাজবাদী পাৰ্টিৰ বিধায়কৰ তিনিজনেই আমেথি আৰু ৰাইবেৰেলিব সেয়েহে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ আৰু সমাজবাদী পার্টি বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়াৰ গুৰুত্বপূর্ণ অংশীদাৰ হ’লেও এই দুই সমষ্টিত কংগ্ৰেছে সহযোগী দলৰ পৰা কেনে ধৰণে সহায়-সমর্থন লাভ কৰে, সেয়াও বিচাৰ্য হৈ উঠিছে।

তদুপৰি ২০২২ বিধানসভাৰ নিৰ্বাচনত আমেথি লোকসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টিৰ তিনিটাতে বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে দুটা সমাজবাদী পার্টিৰ দখললৈ যায়। তেনেদৰেই ৰাইবেৰেলি লোকসভা সমষ্টিৰ পাঁচটা বিধানসভা সমষ্টিতো বিজেপি আৰু সমাজবাদী পার্টিয়ে জয়লাভ কৰে। অকল এয়ে নহয়, জিলা আৰু পঞ্চায়ত পর্যায়ত বহু নেতা-কর্মীয়েও বিজেপিত যোগদান কৰাটো লক্ষ্যণীয়। এই সমষ্টি দুটত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, ফিৰোজ গান্ধী, সঞ্জয় গান্ধীৰ পৰা আৰম্ভ কৰি ছোনিয়া গান্ধীলৈকে প্রতিনিধিত্ব কৰি আহিছে; কিন্তু নেহৰু-গান্ধী পৰিয়ালৰ সদস্য হৈয়ো ৰাহুল অৰু প্রিয়ংকা গান্ধীয়ে ইয়াত প্রতিদ্বন্দ্বিতাক লৈ হোঁহকা-পিছলা কৰাটোৱে স্পষ্ট কৰি দিছে যে এয়া আৰু তেওঁলোকৰ বাবে সুৰক্ষিত অসন হৈ থকা নাই।

কেন্দ্রত মোদী আৰু উত্তৰ প্ৰদেশত যোগী আদিত্য নাথৰ ধাৰাবাহিক চৰকাৰৰ কাৰ্যকালত আমেথি-ৰাইবেৰেলিৰ ৰাজনৈতিক সমীকৰণ সলনি কৰি পেলোৱা হৈছে; অথচ ইয়াক শুধৰণি কৰাৰ ক্ষেত্ৰত ব্যর্থতা আৰু সমষ্টি দুটাক সহজলভ্যৰূপে গ্রহণ কৰাৰ পৰিণতিতে ৰাহুল আৰু প্রিয়ংকা নিজৰ দুৰ্গতে এনে প্রত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Loksabha Election 2024pranjal sen dekaSpl Articles
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d