পামহিৰ পাছত ছয়মাইলৰ বজাৰত গুণ্ডাৰাজ:ৰছিদ বিহীনভাৱে দৈনিক দুশটকাকৈ সংগ্রহ গুণ্ডাকৰ

pamahi

গৃহ বিভাগৰ ব্যর্থতা উদঙাই ৰাজ্যত অবৈধ ছিণ্ডিকেট, ধনদাবী, বলপূর্বক ধন সংগ্ৰহৰ মাত্রা তুংগত উঠিছে । শেহতীয়াকৈ মহানগৰীৰ পামহিত থকা পাচলিৰ বজাৰত ছিণ্ডিকেট চক্ৰৰ তাণ্ডৱ তুংগত উঠাৰ সমান্তৰালকৈ ছয়মাইলৰ বজাৰত গুণ্ডাকৰ সংগ্ৰহকাৰীৰ অতপালি প্রশাসনৰ চকুৰ আগতে অব্যাহত আছে। তাৰ প্রতিবাদত আজিৰ পৰা বন্ধ ৰখা হৈছে অঞ্চলটোৰ উৰণীয়া সেতুৰ তলৰ বৈধ বজাৰখন ।

স্থানীয় ব্যৱসায়ী সন্থাই এই বন্ধৰ আহ্বান জনাইছে। কে’বাজনাে ব্যৱসায়ীয়ে আজি ক্ষোভেৰে ‘দৈনিক অগ্রদূত’ক কয় যে তেনে অতপালিৰ বিৰুদ্ধে তেওঁলােকে কে’বাবাৰাে গুৱাহাটী পৌৰ নিগম (জি এম চি) কর্তৃপক্ষৰ দ্বাৰস্থ হৈছে। কিন্তু পৌৰ নিগমৰ পৰা তেওঁলােকে ন্যূনতম সহাঁৰি লাভ কৰা নাই। ধন সংগ্রহকাৰীৰ ভয়-ভাবুকিত আনকি বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে অন্য স্থানলৈ ব্যৱসায় স্থানান্তৰৰ চিন্তা কৰিবলৈ বাধ্য হৈছে।

চূড়ান্ত পর্যায় পােৱা এই পৰিস্থিতিৰ সন্দৰ্ভত বজাৰখনৰ পাচলি ব্যৱসায়ী ৰাজীৱ ডেকাই কয় যে পৌৰ নিগমে বজাৰখনৰ প্রতিজন ব্যৱসায়ীৰ পৰা দৈনিক ৫০ টকাকৈ ৰছিদৰ বিনিময়ত মাছুল লৈছিল। তাক লৈ তেওঁলােকে আপত্তি কৰা নাছিল। কিন্তু শেহতীয়াকৈ জি এম চিৰ আয়ুক্ত আৰু একাংশ শীর্ষ বিষয়াৰ তৎপৰতাত বজাৰখন লেচীক দিয়া হয়। ইয়াৰ পাছতে যােৱা ১৯ আগষ্টৰ পৰা লেচীয়ে ব্যৱসায়ীসকলৰ পৰা দৈনিক দুশ টকাকৈ আদায় কৰি আহিছে । ডেকাই কয়, ‘বজাৰখন লীজত দিয়া বুলি কৈছে যদিও তাৰ কোনাে তথ্য লেচী বুলি দাবী কৰাসকলে আজিলৈকে আমাক দেখুৱাব পৰা নাই ।

নিয়ম মতে, লীজত ল’লে লেচীয়ে বজাৰত তাৰ তথ্য সন্নিৱিষ্ট কৰি চাইনব’র্ড লগাব লাগে। আমি সেই দাবী সদায় কৰি আহিছাে। কিন্তু তেওঁলােকে সেয়াও কৰা নাই। আটাইতকৈ ডাঙৰ কথা হৈছে যে আমাৰ পৰা দৈনিক দুশ টকাকৈ আদায় কৰে যদিও তাৰ বিনিময়ত কোনাে ৰছিদ নিদিয়ে। ইয়াৰ মানে কি? ব্যৱসায়ীসকলৰ সেই প্রশ্নৰ উত্তৰ আজিলৈকে দিব পৰা নাই।

নিয়মৰ ভিতৰত বিচাৰিলে আমি দৈনিক ৮০-৯০ টকালৈকে দিবলৈ সাজু আছাে। কিন্তু ৰছিদো নিদিয়ে আৰু অভাৱনীয়ভাৱে দুশ টকাকৈ আদায় কৰে। আমাৰ আপত্তিক যিহেতু কর্তৃপক্ষই গুৰুত্ব দিয়া নাই তেনে ক্ষেত্ৰত বাধ্য হৈ আমি আজিৰ পৰা বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছাে। উল্লেখ্য এই বজাৰখন প্রথমতে ছয়মাইল-ভি আই পি পথত আছিল। সেই সময়ত আৰক্ষীয়ে সঘনে বজাৰখন উচ্ছেদ কৰিছিল।

অৱশেষত পূর্বৰ চৰকাৰৰ কাৰ্যকালত উৰণীয়া সেতুখনৰ তলৰ অংশটোক ‘ভেণ্ডৰ জ’ন’ ৰূপে ঘােষণা কৰি তাতেই বজাৰখন সংস্থাপিত কৰা হয়। পাচলি আৰু মাছ-মাংস বিশেষভাৱে উপলব্ধ বজাৰখনত থকা ব্যৱসায়ীৰ সংখ্যা হ’ল কমেও এশজন। ৰাজীৱ ডেকাই লগতে কয় যে বজাৰখনৰ সকলাে ক্ষুদ্র ব্যৱসায়ী ।

তথাপিও বৈধ আৰু উপযুক্ত পৰিমাণৰ মাছুল দিবলৈ সকলাে সাজু। কিন্তু তাৰ বিপৰীতহে হােৱাত কোনাে ব্যৱসায়ী ইমান মাছুল দিবলৈ সাজু নহয়। লগতে দৈনিক সিমান পৰিমাণৰ মাছুল আদায়ৰ সক্ষমতা অধিকাংশ ব্যৱসায়ীৰে নাই। তেওঁ লগতে কয় যে জাৱৰ-জোঁথৰ নিষ্কাষণ আৰু নৈশ চকীদাৰৰ বাবদ সকলাে ব্যৱসায়ীয়ে ধন ব্যয় কৰি আহিছে । তাত তেওঁলােকে আপত্তি কৰা নাই। তাৰ ওপৰত ৰছিদ নােহােৱাকৈ দৈনিক দুশ টকা দিবলৈ কোনেও প্রস্তুত নহয়। কাৰণ ব্যৱসায়ী সকলে মূল্যও ইচ্ছানুসাৰী বৃদ্ধি কৰিব নােৱাৰে।

Exit mobile version