পায়েলৰ অভিযােগ অস্বীকাৰ অনুৰাগ কাশ্যপৰ

anurag kashyap reply

অভিনেত্রী পায়েল ঘােষে বলিউডৰ পৰিচালক অনুৰাগ কাশ্যপে তেওঁক এসময়ত যৌন নির্যাতন চলােৱা বুলি উত্থাপন কৰা অভিযােগৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিলে পৰিচালকজনে ।

টুইটাৰত অনুৰাগে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযােগ সম্পূর্ণ মিছা আৰু ভিত্তিহীন বুলি দাবী কৰি কয় যে, “তেওঁৰ ভাবমূর্তি হেয় কৰিবলৈকে এই অভিযােগ উত্থাপন কৰা হৈছে। মােক নিশ্চুপ কৰিবলৈ আন এগৰাকী মহিলাৰ জৰিয়তে মিছা অভিযােগ উত্থাপন কৰা হ’ল । মই এইটোৱে কম যে যি অভিযােগ অনা হৈছে সেয়া ভিত্তিহীন।

মােক কলংকিত কৰিবলৈকে এনে অভিযােগ উত্থাপিত হৈছে। অৱশ্যে এয়া আৰম্ভণিহে, এতিয়া এনে বহু অভিযােগ উত্থাপিত হ’ব । হয়, মই দুবাৰকৈ বিবাহ কৰাইছাে, সেয়া যদি অপৰাধ মই স্বীকাৰ কৰিছাে। অনেকবাৰ প্ৰেমত পৰিছিলাে, সেয়া স্বীকাৰ কৰিছাে ।

কিন্তু মােৰ প্ৰথম বা দ্বিতীয় স্ত্রীয়ে হওক, প্রেমিকাই হওক বা কোনাে অভিনেত্রী বা আন কোনাে মহিলাৰ স’তে কাম কৰাৰ সময়ত কেতিয়াও মই কাৰাে স’তে অশালীন আচৰণ কৰা নাই। এনে আচৰণক মই সমর্থননা নকৰো । ইয়াৰ পাছত যিয়েই হওক, সমাপ্ত কৰিহে এৰিম ।”

Exit mobile version