বঙাইগাঁৱত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সত্ৰসহ হিন্দুসকলৰ উপাসনা স্থলৰ সুৰক্ষা প্ৰদানৰ দাবী চৰকাৰক

received 266451047750049

বঙাইগাঁৱৰ “গ্ৰেটাৰ বঙাইগাঁও” প্ৰেচ ক্লাৱত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই এখন সংবাদমেল আয়োজন কৰে । সংবাদ মেলত সত্ৰকে আদি কৰি হিন্দু সকলৰ উপাসনা স্থলীসমুহৰ সুৰক্ষা প্ৰদানৰ দাবী জনায় চৰকাৰক ।

অসমৰ বহু সত্ৰত এতিয়াও শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুৰ বহু আপুৰুগীয়া কৃতি চিহ্ন আছে । কিন্তু চৰকাৰে এইসমুহৰ ক্ষেত্ৰত যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইদৰে গুৰুত্ব তথা সুৰক্ষা প্ৰদান নকৰা বুলি অভিযোগ কৰে নেতা জনে।

বৰপেটাৰ গণককুচিত সত্ৰৰ গুৰু আসন জ্বলাই দিছিল এজন মুছলমান যুৱকে যাক পৰৱৰ্তি সময়ত মানসিক বিকাৰগ্ৰস্থ সজোৱা বুলি অভিযোগ কৰে হিন্দু যুৱ ছাত্ৰৰ নেতাজনে। এনে বহু ঘটনা অসমত সংঘটিত হোৱাৰ পিচতো সেই সকল অপৰাধীক মানসিক ৰোগী সজোৱা হৈছিল বুলি সংবাদমেলত বলেন বৈশ্যই মন্তব্য কৰে ।

চৰকাৰী অৱহেলাৰ বাবে অসমৰ এইসমূহ আপুৰুগীয়া সম্পদ যাতে শেষ হৈ নাযায় তাৰ বাবেও মন্তব্য কৰে সভাপতিজনে। সভাপতি জনে বঙাইগাঁও জিলাৰ বিষ্ণুপুৰ সত্ৰ আৰু খৰশিয়া সত্ৰৰ সুৰক্ষাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

বিষ্ণুপুৰ সত্ৰ য’ত গুৰুজনাই ব্যৱহাৰ কৰা আঠুৱা,পালেং,লাখুটি, পদশীলা , পাদুকা, সাচিপাত আদি আজিও অসুৰক্ষিত আৰু প্ৰচাৰ বিমুখ বুলি দাবী কৰে । তেওঁ অসমৰ সত্ৰসমুহক পৰ্য্যটন স্থলী কৰি বহুল প্ৰচাৰৰ দাবী উত্থাপন কৰে ।

তেওঁ লগতে কয় যে এই খন চৰকাৰে অসমৰ সত্ৰসমূহৰ বেদখল ভূমি উদ্ধাৰৰ কথা কৈছিল যদিও সেয়া ভাষণতে সীমিত থাকিল বুলি অভিযোগ কৰে । চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি সত্ৰৰ কিমান ভূমি বেদখল মুক্ত কৰিলে তাৰ শ্বেত পত্ৰ প্ৰকাশৰ বাবে দাবী জনায়।

সংবাদ মেলখনত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্য,সাধাৰণ সম্পাদক মাধৱ দাসৰ লগতে কেন্দ্ৰীয় সমিতিৰ কেবাজনো নেতাৰ লগতে বঙাইগাঁও জিলা সমিতিৰ সভাপতি সম্পাদক সহ বহু কেইজন লোক উপস্থিত থাকে।

Exit mobile version