বঙৰাত নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ দুর্ঘটনাগ্ৰস্ত: ১৭ জন যাত্ৰী আহত

9e29fee1 a889 4b9b a289 c78b91f032f0

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক পথ দুর্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এ এছ ২৫ চি চি ০৭৮৬ নম্বৰৰ যাত্ৰীবাহী বাছখন দুর্ঘটনাগ্ৰস্ত হোৱাত ১৭ জন যাত্ৰী আহত হয়।আহত সকলৰ ৩ জনৰ অৱস্থা সংকটজনক ।

উল্লেখ্য যে, গোৱালপাৰাৰ পৰা আদাবাৰী অভিমুখী উক্ত বাছখনে বিয়লি প্ৰায় ৩ বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এডাল গছত প্ৰচণ্ড জোৰে খুন্দা মাৰি ৰৈ যায়। ফলত বাছখনত থকা সকলো যাত্ৰী কম-বেছি পৰিমাণে আহত হয়।

পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন সিং হাজাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহত যাত্ৰীসকলক ৰাইজৰ সহযোগত উদ্ধাৰ কৰি মিৰ্জা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ প্ৰেৰণ কৰে।

আনহাতে গুৰুতৰভাৱে আহত ৩ জন যাত্ৰীক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে জি এম চি এইছলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, বছখনৰ চালকৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় বুলি আহত যাত্ৰীসকলে অভিযোগ কৰিছে ।

Exit mobile version