ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হ’লগৈ ৭৪.৩ কোটি

china internet mobile wide 8db228d07a76c83ac7167192e84407b2978b44cd

ভাৰতত ইণ্টাৰনেট উপভােক্তাৰ সংখ্যা ২০২০ মার্চত সমাপ্ত হােৱা প্ৰথমটো ত্রিমাহিকত ৩.৪ শতাংশ বৃদ্ধিৰে ৭৪.৩ কোটি হ’লগৈ । টেলিকম নিয়ন্ত্রণক প্রতিষ্ঠান ট্রায়ে দাখিল কৰা প্রতিবেদনৰ তথ্য অনুসৰি মার্চ ২০২০ত সমাপ্ত ত্রিমাহিকত ৫২.৩ শতাংশ বজাৰ দখলৰে ৰিলায়েন্স জিঅ’ই প্রথম স্থান দখল কৰিছে ।

আনহাতে, ইণ্টাৰনেট উপভােক্তাৰ ক্ষেত্ৰত ২৩.৬ শতাংশ বজাৰ দখলৰে দেশত দ্বিতীয় স্থানত আছে ভাৰতী এয়াৰটেল। এই সময়ছােৱাত ভােডাফোন-আইডিয়াই তৃতীয় স্থান দখল কৰিছিল ।

প্রতিষ্ঠানটোৰ ইণ্টাৰনেট উপভােক্তাৰ সংখ্যাৰ আধাৰত বজাৰত অংশীদাৰিত্ব আছিল ১৮.৭ শতাংশ । ট্রাইৰ প্ৰতিবেদনত তথ্য অনুসৰি ডিচেম্বৰত ২০১৯ত অন্ত পৰা ত্রিমাহিকত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ৭১.৮ কোটি।

Exit mobile version