শংকা আৰু সংশয়ৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ব পাঠদান

545687 school

শংকা আৰু সংশয়ৰ মাজত সুদীৰ্ঘ ছমাহৰ পাছত আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ অনানুষ্ঠানিক শিক্ষানুষ্ঠানসমূহ । নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰছাত্ৰীৰ উপস্থিত বাধ্যতামূলকৰ লগতে আনিব লাগিব অভিভাৱকৰ দ্বাৰা স্বাক্ষৰিত সন্মতি পত্ৰ । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে যোৱা ১৬ ছেপ্টেম্বৰত জাৰি কৰিছে প্ৰয়োজনীয় নিৰ্দেশনা ।

এই নিৰ্দেশনা ব্যক্তিগত বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব যদিও আগবাঢ়ি অহা নাই ব্যক্তিগত বিদ্যালয়সমূহ ৷ দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি শিশু শিক্ষা সমিতিৰ অসমৰ পূণকালীন কৰ্মকতা মাধৱ কলিতাই কয় যে সমগ্ৰ ৰাজ্যত শিশু শিক্ষা সমিতি,অসমৰ দ্বাৰা পৰিচালিত পাঁচ শতাধিক বিদ্যালয় আছে । নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা প্ৰায় ৩৫০ খন শিক্ষানুষ্ঠানত ক’ভিড সম্পৰ্কীয় সকলো নীতি নিয়ম মানি আজিৰে পৰা পাঠদানৰ প্ৰস্তুতি চলোৱা হৈছে ।

ইয়াৰ বাবে অভিভাৱকৰ লিখিত অনুমতি থকা শিক্ষাৰ্থীসকলে আজিৰে পৰা পাঠদানৰ অনুমতি পাব বুলি তেওঁ উল্লেখ কৰি কয় যে গুৱাহাটী মহানগৰীত শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত ১২খন বিদ্যালয় আছে ৷ ইয়াৰে হাজংবাৰী শংকৰদেৱ শিশু নিকেতনক বাদ দি বাকীবোৰ বিদ্যালয়ত পাঠদান কৰাৰ যো-জা চলোৱা হৈছে ৷ অৱশ্যে ছাত্ৰছাত্ৰী আহিবনে নাই সেই সম্পৰ্কে নিশ্চিত নহয় বুলি তেওঁ কয় ।

হাজংবাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত থকা আচাৰ্যৰ পৰিয়ালত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ বাবে পাঠদান প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে ৷ অভিভাৱকৰ সন্মতি পত্ৰৰ আধাৰত মহানগৰীৰ গুৱাহাটী ক্লাবস্থিত ছেইন্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষয়ো আজিৰে পৰা অনানুষ্ঠানিক পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ইফালে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে দৈনিক অগ্ৰদূতৰ আগত কয় যে বৰ্তমান পূৰ্বতকৈ অধিক ভয়াৱহভাৱে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে । এনেধৰণৰ জটিল সময়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাতকৈ পৰিবেশ কিছু পৰিমাণে সুস্থ হোৱালৈ অপেক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

শ্ৰেণীকোঠাত পাঠদান নহ’লেও তলাবন্ধৰ সময়ৰে পৰা সকলো শ্ৰেণীৰ পাঠদান অনলাইন পদ্ধতিৰে সম্পন্ন কৰি থকা হৈছে । বৰ্তমান অব্যাহত থকা অনলাইন পদ্ধতিৰ পাঠদানসমূহ বন্ধ হ’লে ক্ষতিৰহে সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ অনুৰূপ মন্তব্য পানবজাৰস্থিত ডনবস্ক’ স্কুলৰ সহকাৰী শিক্ষক চাবাহ আহমেদৰ ।

তেওঁ কয় যে কৰ’নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত থকাৰ কাৰণে আজিৰে পৰা স্কুলত পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। সাম্প্ৰতিক পৰিস্থিতি উন্নত হোৱাৰ পাছতহে এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । আনহাতে কৰ’নাৰ ভয়াৱহতাৰ কাৰণে বহু সংখ্যক অভিভাৱকে সন্তানক বিদ্যালয়লৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে ।

আগন্তুক ১৫ দিনৰ বাবে পৰীক্ষামূলকভাৱে আৰম্ভ কৰা অনানুষ্ঠানিক পাঠদান প্ৰক্ৰিয়াৰ ফলাফল সন্তোষজনক হ’লেহে নিজৰ সন্তানক বিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি নাম প্ৰকাশত অনিচ্ছুক কে’বাজনো অভিভাৱকে কয় । দীঘলীয়া বন্ধত অতিষ্ঠ হৈ পৰা একাংশ ছাত্ৰ ছাত্ৰীয়ে সন্মতি প্ৰপত্ৰ স্বাক্ষৰৰ বাবে নিজৰ নিজৰ অভিভাৱকক হেঁচা দিয়া বুলি একাংশ অভিভাৱক জনায় ।

Exit mobile version