সংসদৰ সন্মুখত বিভিন্ন শ্ল’গানৰেৰে প্ৰতিবাদত বহিল ৮ জন নিলম্বিত বিৰোধী সাংসদ

78238509

সংসদত কৃষি বিধেয়কক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে অধ্যক্ষ ভেংকয়া নাইডুৱে ৮ জনকৈ বিৰোধী সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বন কৰে ৷ইয়াৰ মাজতে কংগ্ৰেছৰ লগতে ১৮ জন বিৰোধী নেতাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক পত্ৰ লিখি বিধেয়কক হস্তাক্ষৰ নকৰিবলৈ আহ্বান কৰে।ইয়াৰ বিপৰীতে আজি সংসদৰ পৰা নিলম্বিত ৮ জনকৈ সাংসদ ডেৰেক অ’ ব্ৰায়ন,ৰাজীৱ চাতব,সঞ্জয় সিং,কেকে ৰাগেশ,ৰিপুন বৰা,ড’লা সেন,চৈয়দ নজীৰ হুছেইন আদিয়ে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

আনহাতে ৰাজ্যসভাৰ বিৰোধী নেতা গুলাম নবী আজাদ আজি বিয়লি নিলম্বিত সাংসদসকলক সাক্ষাতৰ কাৰণে উপস্থিত হয়। গুলাম নবী আজাদে কয় যে দেওবাৰে দুখন কৃষি বিধেয়ক ভোটৰ অবিহনেই গৃহীত কৰিলে। এনে ক্ষেত্ৰত বিৰোধী নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ বিৰোধী সাংসদসকলে উপসভাপতি আৰু মাৰ্শ্বেলৰ গাত হাত দিয়া নাছিল ।

উল্লেখযোগ্য যে দেওবাৰে সংসদত কৃষি বিধেয়ক গৃহীত হয় ৷ ইয়াৰ পৰিপেক্ষিতত বিৰোধী সাংসদসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইয়াৰ পাছত আজি সংসদৰ পৰা আঠ জনকৈ সাংসদক নিলম্বন কৰা হয়।

ইপিনে বিৰোধী সাংসদসকলে নিলম্বন কৰা সন্দৰ্ভত অভিযোগ প্ৰতি অভিযোগ অব্যাহত আছে। এই সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইট কৰি কয় ” আঠজন সাংসদক নিলম্বন কৰা কথাটো অতিশয় দুৰ্ভাগ্যজনক ।এইয়া চৰকাৰৰ অসংবেদনশীল কাৰ্যকলাপ ৷ইয়াৰ পৰা প্ৰমাণ হয় চৰকাৰে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নাৰাখে। আমি সংসদৰ লগতে পথটো ইয়াৰ বিৰুদ্ধে যুঁজ কৰি যাম ৷”

Exit mobile version