ভাৰতীয় মূলৰ মার্কিনসকলৰ ভোট নিশ্চিত কৰিবলৈ এইবাৰ মহাত্মা গান্ধীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।এখন নিৰ্বাচনী সভাত জৰ্জ ফ্লয়েডৰ নামৰ কৃষ্ণাংগ নাগৰিকজনৰ আৰক্ষীৰ অত্যাচাৰত মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলক ‘প্ৰৱঞ্চকৰ দল’ আখ্যা দি তীব্ৰ আক্ৰমণ কৰাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় , ‘ এই লোকসকল বৰ নিৰ্দয়৷ তেওঁলোকৰ গান্ধীজীৰ মূৰ্তি ধ্বংস কৰাৰ সময়তো হাত নকঁপিল।
নিৰ্বাচনী সভাখন অনুষ্ঠিত হৈছিল ফ্লয়েডে প্ৰাণ হেৰুৱা মিনে ছোটাত ।উল্লেখযোগ্য যে যোৱা ২৫ মে’ত ৰাজপথতে এজন মিনিয়াপ’লিচ আৰক্ষীৰ অত্যাচাৰত শ্বাসৰুদ্ধ হৈ সকলোৰে সন্মুখতে মৃত্যু হৈছিল এফ্ৰো-আমেৰিকান জৰ্জ ফ্লয়েডৰ।
জর্জৰ মৃত্যুক লৈ হোৱা প্ৰতিবাদত সমগ্ৰ আমেৰিকাতে অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছিল।এই প্ৰতিবাদ এতিয়াও সম্পূৰ্ণভাৱে অন্ত পৰা নাই ।এনে পৰিস্থিতিত এতিয়া গান্ধীৰ প্ৰসংগ টানি আনি ভাৰতীয় মাৰ্কিন সকলৰ আৱেগক নিজৰ পক্ষলৈ অনাৰ চেষ্টাত নামিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে ।
মিনেছোটাৰ নিৰ্বাচনী সভাখনত ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰ কয় , ‘ জৰ্জৰ মৃত্যুত প্ৰতিবাদ কৰাসকলে আব্ৰাহাম লিংকনৰ মূৰ্তি ভাঙে।’ ইপিনে মহাত্মা গান্ধীৰ মূৰ্তি ভঙাৰ প্ৰসংগত পুনৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় , ” প্ৰতিবাদকাৰী সকলে মহাত্মা গান্ধীকো নেৰিলে ।
গান্ধীজী আছিল শান্তিৰ দূত ।আমিও শান্তি বিচাৰো ;কিন্তু প্ৰতিবাদকাৰী সকলে সেই শান্তি নষ্ট কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে ।তেওঁলোকে নাজানে গান্ধীৰ মূৰ্তি ভাঙি কিমান ডাঙৰ অন্যায় কৰিছে ।’ এনে অভিযোগৰ ভিত্তিতে প্ৰতিবাদকাৰীসকলক ৰাষ্ট্ৰপতি ট্ৰাম্পে ‘প্ৰবঞ্চকৰ দল ‘ আখ্যা দিয়ে ।






























