ৰেলবিভাগৰ গাফিলতিৰ বাবেই বকোত সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা

WhatsApp Image 2020 09 20 at 6.22.03 PM

বকোৰ নধিয়াপাৰা উন্মুক্ত ৰেল আলিত সংঘটিত হোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় ৰেলবিভাগৰ বিষয়ববীয়া আৰু আৰ পি এফৰ জোৱান । কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ৰে’ল বিভাগৰ অভিযন্তাসহ ঠিকাদাৰে এই সুৰংগ পথটোৰ নিৰ্মাণ কৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে । এই পথটোত বাৰিষা হ’লেই জমা হয় এককাঁল পানী ।

কিন্তু এই এককাঁল পানী জমা হোৱা সত্ত্বেও অনায়াসে যাতায়ত কৰিব পাৰে বুলি ৰেলৰ বিষয়ববীয়াই স্থানীয় ৰাইজক দাবী কৰি সেই পানীৰ মাজেৰেই পাৰ কৰিব লয় ৰেলকৰ্তৃপক্ষৰ স্ক’ৰপিঅ’ বাহন । পিছে পানীৰ মাজত আবদ্ধ হৈ পৰে ৰেল কৰ্তৃপক্ষৰ বাহন খন ।

অৱশেষত ক্ষুব্ধ ৰাইজে জব্দ কৰে ৰেল কৰ্তৃপক্ষৰ বাহনখন ৷ ইয়াৰ পাছত ঘটনাস্থলীত বকো আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।  ৰেলবিভাগৰ সুৰংগ পথ নিৰ্মাণৰ বাবে কোটি টকা আৱন্টিত হয় । পিছে এটা সুৰংগ পথ বা RUB নিৰ্মাণৰ নামত ঠিকাদাৰে মাত্ৰ ২০ -৩০লাখ টকা ব্যয় কৰি দায়িত্ব সামৰে ।

বাকী ধনৰ ভাগ-বতৰা কৰে ৰেল বিভাগৰ অভিযন্তা তথা ৰেল বিভাগৰ উচ্চপৰ্যায়ৰ বিষয়াই । ফলত নিম্ন মানৰ কামেৰে সামৰণি মাৰে নিজৰ দায়িত্ব । উল্লেখ্য যে দেওবাৰে বকো নধিয়াপাৰাৰ উন্মুক্ত ৰেল আলিত এখন মাৰুতি ৱেগনাৰে পথ অতিক্ৰম কৰিবলৈ লওতেই বঙাইগাঁও অভিমুখী এখন মালবাহী ৰেলে খুন্দা মাৰে ৱেগনাৰ খনত ।

উক্ত দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে তিনিজন লোক থিতাতে নিহত হয় আৰু এগৰাকী গুৰুতৰভাৱে আহত হয় । উক্ত ঘটনাস্থলীত পূৰ্বেও কে’বাটাও দুৰ্ঘটনাত কে’বাজন লোকেও প্ৰাণ হেৰুৱাইছে । গতিকে সুৰংগ পথ বৈজ্ঞানিক পদ্ধতিৰে ৰূপায়ণ কৰাৰ লগতে ৰেলৰ ক্ৰ’ছিং পথত গেটৰ ব্যৱস্থা কৰিবলৈ ৰেল কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় লোকে ।

Exit mobile version