অক্সফ’ৰ্ডৰ কৰ’না ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ

covishield 1598151509

পুনেৰ ছেৰাম ইনষ্টিটিউট আৰু অক্সফ’ৰ্ডৰ ক’ভিড১৯ ভেকচিন Covishield ৰ মানৱ দেহৰ ওপৰত পৰীক্ষণ শেষ পৰ্যায়ত আছে। “আমি ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ কৰিছো ৷ ইয়াৰ কাৰণে আমি ১৫০-২০০ জন লোকক ভেকচিনৰ ড’ছ দিছো ৷” এই মন্তব্য Sassoon জেনেৰেল হস্পিতালৰ কৰ্মৰত ড° মূৰালীধৰ টাম্বেৰ ।

উল্লেখযোগ্য যে  Astrazenecaৰ ক’ভিড-১৯ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাত এগৰাকী অংশগ্ৰহণকাৰী অসুস্থ হৈ পৰাৰ পাছতে স্থগিত কৰি ৰখা হৈছিল ভেকচিনটোৰ পৰীক্ষণ । ইয়াৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত কয় যে, ইয়াত নিৰুৎসাহ হ’ব লগা একো নাই । এনেধৰণৰ ঘটনা কেতিয়াবা ট্ৰায়েলৰ ক্ষেত্ৰত নিয়মিত ৰূপত ঘটিয়ে থাকে ।

অন্যহাতে, পুনেস্থিত ছেৰাম ইনষ্টিটিউটৰ ভাৰতত ট্ৰায়েলো বন্ধ কৰি দিয়া হৈছিল ৷ এই ভেকচিনৰ সম্পূৰ্ণ ট্ৰায়েলত মুঠ ১৬০০ জন অংশগ্ৰহণকাৰীৰ নাম তালিকাভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল । এই সন্দৰ্ভত জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান বিজ্ঞানী সৌম্য স্বামীনাথনে কয় যে, Astrazeneca ৰ স্থগিতকৰণৰ ক্ষেত্ৰত নিৰাশ হ’বলগীয়া একো নাই । এই ঘটনাটোৱে ইয়াকেই প্ৰমাণ কৰে যে, ভেকচিন বিকাশৰ প্ৰক্ৰিয়াটো সদায় দ্ৰুত আৰু পোনপটীয়া নহয় ।

আনহাতে, AstraZenecaৰ ক’ভিড-১৯ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ পাছত হঠাৎ অসুস্থ হৈ পৰা অংশগ্ৰহণকাৰী আছিল ইংলেণ্ডৰ এগৰাকী মহিলা । মহিলাগৰাকীৰ Transverse myelitis নামৰ মাৰাত্মক ৰোগত ভোগাৰ লগতে স্নায়ুজনিত সমস্যাৰ লক্ষণে দেখা দিছিল ।

বুধবাৰে এই কথা সদৰী কৰে ভেকচিন নিৰ্মাতা কোম্পানীৰ মুখ্য কাৰ্যকৰী বিষয়া পাস্কাল সৰিওটে । আনহাতে ছেপ্টেম্বৰৰ ১৫ তাৰিখে পুনৰ DSMB পুনৰ ভাৰতত ভেকচিন পৰীক্ষণৰ অনুমতি প্ৰদান কৰে ৷

Exit mobile version