আই পি এলক কেন্দ্ৰ কৰি ধুবুৰীত চলিছে জুৱাৰ ধান্দা : আটক তিনিজন

WhatsApp Image 2020 09 22 at 8.39.55 PM

আই পি এলক কেন্দ্ৰ কৰি সম্প্ৰতি ধুবুৰীত চলিছে জুৱাৰ ধান্দা । আপত্তিজনক সামগ্ৰী সহ আটক কৰিবলৈ সক্ষম হৈছে তিনি জনকৈ আই পি এল ক্ৰিকেট বুকিক । প্ৰাপ্ত তথ্য মতে, ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ দল এটাই নিশা ধুবুৰীৰ গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁওত অতৰ্কিতে অভিযান চলায়।

অভিযান কালত আই পি এল ক্ৰিকেট বুকি ক্ৰমে নুৰ আলম, মমিনুৰ হক, মতিবৰ ৰহমানক ম’বাইল সহ কিছু আপত্তিজনক সামগ্ৰী স’তে আটক কৰিবলৈ সক্ষম হয় ।

bri

উল্লেখ্য যে, আই পি এল ক্ৰিকেট আৰম্ভ হোৱাৰ লগে লগে ম’বাইলত বিশেষ এপ’ৰ জৰিয়তে অনলাইন প্ৰক্ৰিয়াৰে আৰম্ভ হয় লাখ লাখ টকাৰ জুৱা । এনে তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়েও অভিযান তীব্রতৰ কৰি আজি আটক কৰিবলৈ সক্ষম হয় জুৱাৰ লগত জড়িত লোক কেইজনক।

Exit mobile version