জুৱাৰ কাণ্ডাৰী বেৰিয়া ভ্ৰাতৃদ্বয়ৰ আত্মগোপন:কলকাতাৰ পৰাই জুৱা নিয়ন্ত্ৰণৰ অভিযোগ

d7ac3938 cf37 41cc bb7a 82aa4d8a3d28

আৰৱত অনুষ্ঠিত হােৱা ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ক কেন্দ্ৰ কৰি ৰাজ্যত গঢ়ি উঠা বৃহৎ জুৱাৰ বাতৰি ‘দৈনিক অগ্রদূত’ত বিস্তাৰিতভাৱে প্ৰকাশ পােৱাৰ পাছতে অন্তধান হৈছে দুই জুৱা মাফিয়া বিকাশ বেৰিয়া আৰু নীতিন বেৰিয়া । চলিত আই পি এলক কেন্দ্ৰ কৰি  উত্তৰ-পূর্বাঞ্চলত বৃহৎ জুৱা নিয়ন্ত্রণ কৰি অহা এই বেৰিয়া ভ্রাতৃদ্বয়ৰ কুকীর্তি ফাদিলৰ পাছতে দুয়াে কলকাতালৈ পলায়ন কৰা বুলি গৃহ চহৰ তিনিচুকীয়াত চৰ্চিত হৈছে।

বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়ক আৰু বিজেপিৰ স্থানীয় শীর্ষ নেতাৰ স’তে থকা মধুৰ সম্পৰ্কৰ বাবেই বেৰিয়া ভ্রাতৃদ্বয় কলকাতালৈ পলায়ন কৰিবলৈ সক্ষম হােৱা বুলি ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ, দ্বিতীয়খন কেপিটেল আৰু কিংছ ইলেভেন পঞ্জাৱৰ খেলত বেৰিয়া ভ্রাতৃদ্বয়ে ৬০ লাখকৈ টকাৰ কমিছন আদায় কৰিবলৈ সক্ষম হৈছে।

আজিৰ খেল ৰয়েলছ চেলেঞ্জার্ড বাংগালুৰু আৰু ছানৰাইজাৰ হায়দৰাবাদৰ খেলত কোটি টকা কমিছন সংগ্রহ হােৱাৰ সম্ভাৱনা অধিক বুলি সূত্ৰটোৱে দাবী কৰে। বেৰিয়া ভ্রাতৃদ্বয়ৰ এই জুৱা খেলত সংগৃহীত ধন শাসনাধিষ্ঠিত বিজেপিৰ ৰাজ্যিক আৰু জিলা পর্যায়ৰ কে’বাজনাে শীর্ষ নেতাই লাভ কৰে বুলি গুৰুতৰ অভিযােগ আছে ।

তিনিচুকীয়া জিলাৰ তথা ৰাজ্যিক বিজেপিৰ এজন শীর্ষ নেতাৰ পৰম বন্ধু বেৰিয়া ভ্রাতৃদ্বয়। আগন্তুক বিধানসভা নির্বাচনৰ প্রার্থিত্ব প্রত্যাশী এই নেতাজনে জুৱাত সংগৃহীত পুঁজিৰেই নির্বাচনী প্রতিদ্বন্দ্বিতাত  অৱতীৰ্ণ হােৱাৰ সপােন দেখি আহিছে । এই শীর্ষ নেতাজনৰ পৃষ্ঠপােষকতাত প্রথমদিনাৰ খেলৰ পাছতে বেৰিয়া ভ্রাতৃদ্বয়ে কলকাতাত আত্মগােপন কৰা বুলি অভিযােগ উঠিছে। এই কুখ্যাত ভ্রাতৃদ্বয়ে প্রতি নির্বাচনতে বিজেপিৰ কে’বাজনাে শীর্ষ নেতাক বৃহৎ পৰিমাণৰ পুঁজি যােগান ধৰি আহিছে আৰু সময়ে সময়ে সকলােকে সন্তুষ্ট কৰি আহিছে।

ইপিনে, ক্রিকেটৰ মহাৰণ আইপি এলক কেন্দ্ৰ কৰি গঢ়ি উঠা অনলাইন জুৱাৰ সন্দৰ্ভত আৰক্ষীয়ে নীৰৱ ভূমিকা গ্ৰহণৰ অভিযােগ উঠিছে। তিনিচুকীয়াৰ পৰা নিয়ন্ত্রণহােৱা এই বৃহৎ জুৱা চক্র তথা বিকাশ আৰু নীতিন কোম্পানীৰ তথ্য সবিস্তাৰে প্ৰকাশ পােৱাত বেৰিয়া ভ্রাতৃদ্বয়ে চোং সলাই জুৱা অব্যাহত ৰাখিছে।

এই ক্ষেত্ৰত তিনিচুকীয়াৰ জিলা আৰক্ষী অধীক্ষকে কি ভূমিকা গ্রহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। সূত্রত প্রকাশ যে আই পি এল আৰম্ভ হােৱাৰ লগে লগে অধিক সক্রিয় হােৱা জুৱাৰী চক্ৰটোৱে কোটি কোটি টকা সংগ্রহ কৰি আহিছে। চর্চা অনুসৰি সম্প্রতি কলকাতাৰ এক বিশেষ ফ্রেটৰ পৰা নিয়ন্ত্রণ কৰা হৈছে জুৱাৰ চক্র।

পূর্ব প্রতিবেদনত চক্ৰটোৰ স’তে জড়িত বুকীসকলৰ নাম প্রকাশ কৰা অনুসৰি তিনিচুকীয়াত ভােলা-সন্তোষ, ডিগবৈত চন্দ্ৰশেখৰ, ডিব্ৰুগড়ত জাভেদ-পিংকু, দুলীয়াজানত নাগেশ্বৰৰ লগতে এতিয়া নতুনকৈ সংযােজন হৈছে গুৱাহাটীৰ জৈন, তিনিচুকীয়াৰ নপুখুৰীৰ কার্টুনৱালা সুৰজ, থার্মেলৰ পাণ্ডেজী, মাকুম ৰােডৰ সুভম ভজনকা, তামুলবাৰীৰ সুপ্রিত বিশ্বাস আৰু ভ্ৰাতৃ লালবাংলাৰ উমেশ, শ্ৰীপুৰীয়াৰ আনন্দ আদি।

Exit mobile version