নিলম্বিত সাংসদৰ নিলম্বন প্ৰত্যাহাৰ নকৰালৈকে ৰাজ্যসভা বৰ্জন কৰাৰ হুংকাৰ বিৰোধীৰ

ghulam nabi azad pti

ৰাজ্যসভাৰ পৰা ৮ জনকৈ সাংসদ নিলম্বন হোৱাৰ পাছত আজি বিৰোধীয়ে ৰাজ্যসভা বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ নেতা গুলাম নবী আজাদে কয় যে, যেতিয়ালৈকে নিলম্বন কৰা বিধায়কসকলৰ নিলম্বন প্ৰত্যাহাৰ নকৰে, তেতিয়ালৈকে বিৰোধীয়ে ৰাজ্যসভাৰ কাম-কাজত অংশ নলয় ।

উল্লেখযোগ্য যে, দেওবাৰে কৃষি বিধেয়কক লৈ ৰাজ্যসভাত হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত ৮ জন বিৰোধী সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয় । ইয়াৰ পাছত নিলম্বিত বিধায়কসকলে সোমবাৰে সমগ্ৰ নিশাটো সংসদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধীৰ নেতা আজাদে আজি নিলম্বিত বিধেয়কসকলক সাক্ষাৎ কৰে আৰু নিজৰ দাবী উত্থাপন কৰে ৷

তেওঁ কয়, “আমি কংগ্ৰেছ দলৰ ফালৰ পৰা তিনিটা দাবী উত্থাপন কৰিছো ।” প্ৰথমটো দাবী হ’ল চৰকাৰে এনে এখন বিল আনিব লাগে, যাতে কোনো বেচৰকাৰী সংস্থাই প্ৰকৃত মূল্যতকৈ তলত কৃষকৰ পৰা কোনো পন্য সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব । দ্বিতীয় দাবীটো হ’ল স্বামীনাথন সূত্ৰৰ অধীনত প্ৰকৃত মূল্য স্থিৰ কৰিব লাগে ।

তৃতীয়টো দাবী হ’ল ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ফুড কৰ্পৰেশ্যনে এইটো নিশ্চিত কৰিব লাগে যে নিৰ্ধাৰিত প্ৰকৃত মূল্য অনুযায়ী কৃষকৰ সামগ্ৰী ক্ৰয় কৰা হ’ব । এই তিনিটা দাবী মানি নোলোৱা পৰ্যন্ত সদন বৰ্জন কৰিব বিৰোধীয়ে । গুলাম নবী আজাদে লগতে কয় যে চলিত চৰকাৰ ভিতৰত একতাৰ অভাৱ ।

উল্লেখযোগ্য যে দেওবাৰে কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি কৰা উত্তপ্ত পৰিবেশৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন বিৰোধী সাংসদক সোমবাৰে নিলম্বন কৰা হয় ।

যিসকল সাংসদক নিলম্বন কৰা হ’ল তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন, সঞ্জয় সিং, ডোলা সেন, ৰাজীৱ চাটব, ৰিপুন বৰা আদি । ভেংকয়া নাইডুয়ে TMCৰ সাংসদ ডেৰেক অ’ ব্ৰায়নক সংসদৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়ে ৷

এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিয়ে কয়, “কালি যি ঘটনা সংঘটিত হ’ল তাক লৈ মই দুখ প্ৰকাশ কৰিছো  ৷ উপসভাপতিৰ মতে অশ্লীল শব্দও কয় নিলম্বিত সাংসদসকলে ৷”

নাইডুয়ে লগতে কয় যে, “সংসদৰ মাইক ভঙাটো নিন্দাজনক ঘটনা ৷ ইয়াৰ পাছতেই সোমবাৰে সমগ্ৰ নিশা নিলম্বিত সাংসদ সকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লয় ।”

Exit mobile version