নিৰ্বাচন আহিছে! বেদখল উচ্ছেদ নকৰিবলৈ উপায়ুক্তৰ বাৰ্তা দিছপুৰৰ

Dispur

অসম চৰকাৰে ৰাজ্যৰ ৬০ হেজাৰ ভূমিহীন পৰিয়ালক শীঘ্ৰে মাটিৰ পট্টা প্ৰদানৰ কথা ঘোষণাৰ কৰিছে ।বিভিন্ন কাৰণত ভূমিহীন হোৱা সেইসকল লোকক এটুকুৰা ভূমি প্ৰদানৰ প্ৰক্ৰিয়া আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ক্ষিপ্ৰতৰ কৰি তোলা হৈছে।

তাৰ বিপৰীতে সমগ্ৰ ৰাজ্যত চৰকাৰী ভূমিত যি বৃহৎ বেদখল অব্যাহত আছে তালৈ চৰকাৰে চকু মুদিছে ৷অথচ ৰাজ্যত সকলো ধৰণৰ বেদখল উচ্ছেদৰ কথা সঘনে ঘোষণা কৰি আহিছে মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ সকলো মন্ত্ৰী,শাসক পক্ষৰ বিধায়কে ৷চৰকাৰ গঠনৰ পাছতে কাজিৰঙাকে ধৰি ৰাজ্যৰ দুই এটা স্থানত উচ্ছেদৰ যি নাটক সম্পন্ন কৰিছিল তাৰ ফটাঢোল বজায়েই বিগত সময়ছোৱা পাৰ কৰিলে চৰকাৰে ।

ৰাজহ বিভাগৰ তথ্য অনুসৰি ,অসমৰ ৩৩ খন জিলাৰ ছয় লাখ হেক্টৰতকৈ অধিক চৰকাৰী ভূমি সম্প্ৰতি বেদখলকাৰীৰ কৱলত আছে। ন্যায়ালয়ৰ হস্তক্ষেপ সত্তেও তেনে বেদখল উচ্ছেদ কৰিবলৈ চৰকাৰৰ বৰ্তমান সাহস নাই ।ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ভূমিও বেদখলকাৰী কৱলত পৰিছে ৷এনেবোৰ স্থানতো উচ্ছেদ অভিযান সম্প্ৰতি স্থবিৰ হৈছে ৷স্বয়ং জনপ্ৰতিনিধিৰ দ্বাৰাই উচ্ছেদ বাধাৰ সৃষ্টি কৰা হৈছে ।

কাৰণ সন্মুখত আছে বিধানসভাৰ নিৰ্বাচন ।উচ্ছেদৰ জৰিয়তে এই সময়ত চৰকাৰ বিৰোধী ঢৌ সৃষ্টি কৰিব বিচৰা নাই শাসক দলে ।এনে কাৰণতে ৰাজ্যৰ বিভিন্ন সত্ৰ,উপাসনাস্থলী,ঐতিহাসিক স্থান,পুৰাতাত্বিক সমল থকা অঞ্চলত হোৱা বেদখলো আগন্তুক ছয়-সাত মাহলৈ উচ্ছেদৰ সম্ভাৱনা নাই বুলি ৰাজহ বিভাগৰ দিছপুৰৰ উচ্চস্তৰীয় সূত্ৰই আক্ষেপেৰে কয় ।

ৰাজহ বিভাগৰ শেহতীয়া তথ্য অনুসৰি,বেদখলকাৰীক চৰকাৰৰ হুংকাৰৰ বিপৰীতে বেদখলী ভূমিৰ পৰিমাণ নানান অজুহাতত প্ৰতিদিনে বৃদ্ধি পাইছে ।জিলাবোৰৰ ভিতৰত বৰপেটাত ২০,২৫২.০৫ হেক্টৰ,বিশ্বনাথত ২৭,২১৮.২৩৯,বঙাইগাঁৱত ৯,৩৬৬.৩১,কাছাৰত ১৯০.৮০ ,চৰাইদেউত ৬,০০৫.০২,দৰঙত ১৪,২৯৯.৮৫ আদি বিভিন্ন জিলাত চৰকাৰী ভূমি বেদখল হৈ আছে ৷

ডিমা হাচাও,কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলঙত এনে বেদখলৰ তথ্য সদ্যহতে নাই। আনহাতে কামৰূপ মহানগৰত মুঠ বেদখলী ভূমিৰ পৰিমাণ আজিও স্পষ্ট নহয় ।উল্লেখযোগ্য যে গুৱাহাটীৰ চৰকাৰী ভূমিত ৮৫ হেজাৰৰ অধিক পৰিয়াল বাস কৰি আছে ৷ৰাজনীতিৰ পাশাখেলত সদায় এইসকল পৰিয়ালক প্ৰতিটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছে ৷তাৰ ব্যতিক্ৰম নহয় বৰ্তমানৰ চৰকাৰখনো ৷অন্ততঃ নিৰ্বাচনৰ আগত গুৱাহাটীৰ চৰকাৰী ভূমিত উচ্ছেদ চলাৰ সম্ভাৱনা নাই।

বেদখল উচ্ছেদৰ বাবে জিলা উপায়ুক্তসকলে প্ৰচলিত নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷কিন্তু শেহতীয়াকৈ উপায়ুক্তসকলক তেনে ব্যৱস্থা নল’বলৈ দিছপুৰৰ পৰা বাৰ্তা প্ৰেৰণ কৰা হৈছে। নিৰ্বাচনৰ আগমূহূৰ্তত উচ্ছেদৰ জৰিয়তে চৰকাৰ বিৰোধী পৰিৱেশ গঢ়ি নুঠিবলৈ এনে ব্যৱস্থা লোৱা হৈছে। সেইবাবেই গুৱাহাটীৰ পাহাৰ অঞ্চলৰ কে’বাটাও স্থানত উচ্ছেদৰ বাবে প্ৰস্তাৱ লৈও সম্প্ৰতি স্থগিত ৰখা হৈছে। আনহাতে উচ্ছেদৰ বিপৰীতে চৰকাৰে সেয়েহে পট্টা বিতৰণতহে সদ্যহতে অগ্ৰাধিকাৰ দিছে ৷

Exit mobile version