পাত্ৰ বিচাৰি কাকতত লোভনীয় বিজ্ঞাপন দি লুটিলে ৩০ কোটি

Screenshot 130

কানাডাৰ নাগৰিক বিবাহ বিচ্ছেদিতা তথা সন্তানহীন মহিলাৰ বাবে পাত্র লাগে । সংবাদ পত্ৰত দিয়া এনে বিজ্ঞাপনত পাত্ৰীৰ বৰ্ণনাও উল্লেখ থাকে, ‘বয়স ৩৭ বছৰ । দৈর্ঘ পাঁচ ফুট তিনি ইঞ্চি। সন্তানহীন আৰু বিবাহ বিচ্ছেদিতা  । কানাডাৰ নাগৰিক আৰু তাৰ প্রতিষ্ঠিত ব্যৱসায়ী । সর্বোপৰি নামাজি।”

এনে লােভনীয় বিজ্ঞাপন দেখি যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধ পর্যন্ত অনেকেই বিজ্ঞাপনদাতাৰ ফোন নম্বৰলৈ ফোন কৰে। কিয়নাে বিবাহসূত্রে কানাডাত উপস্থিত হ’ব পাৰিব আৰু অধিকাৰী হ’ব প্রচুৰ সম্পত্তিৰ।

বিগত ১০ বছৰ ধৰি এইদৰে প্ৰতাৰণাৰ জাল মেলি দিয়েই কমেও ৩০ কোটি টকা কুক্ষিগত কৰিছিল বাংলাদেশৰ ছাদিয়া জান্নাত ওৰফে জান্নাতুল ফেৰদৌছ (৩৮) নামৰ মহিলাগৰাকীয়ে । সুদীর্ঘ এটা দশক এইদৰে বিভিন্ন জনক প্রবঞ্চনা কৰাৰ পাছত প্ৰতাৰক মহিলাগৰাকী আৰক্ষীৰ জালত পৰিছে । চলিত সপ্তাহতে ঢাকাৰ বনানী ছুপাৰ মার্কেট অঞ্চলৰ পৰা চিআইডিয়ে জান্নাতুলক গ্রেপ্তাৰ কৰে ।

গ্রেপ্তাৰৰ সময়ত তেওঁৰ পৰা চিআইডিয়ে তিনিজন ভুক্তভােগীৰ পাছপ’র্ট, ১০টা ম’বাইল ফোন, সাতটা ছীল, অসংখ্য ব্যৱহৃত ছীম, টকা আত্মসাতৰ হিচাপৰ খাতা আৰু এটা বেচৰকাৰী বেংকত ৪৮ লাখ টকা জমা দিয়াৰ ৰছিদ জব্দ কৰে। চিআইডিৰ বিষয়াই জনােৱা মতে, জান্নাতুলৰ বিৰুদ্ধে ভুৱা বিদেশী পাত্রী সাজি প্ৰতাৰণাৰে টকা আত্মসাৎ কৰাৰ আঠটা অভিযােগ পােৱা গৈছে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হ’ব নােৱৰা এইগৰাকী মহিলাই শেহতীয়াকৈ এজন ৭০ বছৰীয়া ব্যৱসায়ীৰ পৰা এক কোটি ৮০ লাখ টকা আত্মসাৎ কৰিছিল। তেওঁৰ ঘৰ বৰিশালৰ মুলাদিত ইতিমধ্যে ঢাকা মহানগৰ দণ্ডাধীশৰ আদালতে জান্নাতুলাক সােধপােছৰ বাবে দুদিনৰ চিআইডিৰ জিম্মাত দিছে ।

ঢাকাৰ মালিবাগস্থিত চিআইডিৰ কাৰ্যালয়ত আয়ােজিত এক সংবাদমেলত অতিৰিক্ত আৰক্ষী উপ সঞ্চালক প্রধান শ্বেইখ ৰেজাউল হায়দাৰে কয়, ‘যােৱা ন জুলাইত এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত দিয়া বিজ্ঞাপন প্রত্যক্ষ কৰি মহম্মদ নাজিমউদ্দিন নামৰ পুৰাণ ঢাকাৰ এজন ব্যৱসায়ীয়ে জান্নাতুলৰ স’তে যােগাযােগ কৰে ।

ঠিক হয় যে বিয়াৰ পাছত জান্নাতুলে তেওঁক কানাডালৈ লৈ যাব আৰু তাতে তেওঁ মহিলাগৰাকীৰ দুশ কোটি টকীয়া ব্যৱসায় চোৱা-চিতা কৰিব। পৰৱৰ্তী সময়ত জান্নাতুলে ব্যৱসায়ীজনক কয় যে কানাডাত প্ৰচুৰ ঠাণ্ডা, সেয়ে তাৰ পৰা দুশ কোটি টকা দেশলৈ ঘূৰাই আনিব। কুৰিয়াৰৰ মাধ্যমেৰে সেই টকা ঘূৰাই অনাৰ বাবে জান্নাতুলে ভুক্তভােগীৰ পৰা কে’বাটাও পর্যায়ত এক কোটি ৭৯ লাখ ৫০ হেজাৰ টকা লােৱাৰ পাছত ম’বাইল বন্ধ কৰি দিয়ে ।

চিআইডিৰ বিষয়াজনে লগতে জনায় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ নহ’লেও জান্নাতুলে ইংৰাজীত সলসলীয়াকৈ কথা পাতিব পাৰিছিল। পােছাক আৰু কথা-বতৰাতাে আধুনিকতাৰ ছাপ থকাৰ বাবে মানুহে তেওঁক কানাডা প্রবাসী বুলি সহজে বিশ্বাস কৰি লৈছিল। ভুক্তভােগীসকলক গুলছান-বনানী অঞ্চলৰ দামী ৰেস্তোৰাঁলৈ আমন্ত্রণ জনায় জান্নাতুলে আইনজীৱী, দোভাষী আৰু দেহৰক্ষীসহ উপস্থিত হৈছিল ।

তেওঁৰ কাণ্ড-কাৰখানা দেখি ভুক্তভােগীৰ কোনাে সন্দেহনােহােৱাৰ বাবেই সহজে প্ৰতাৰণাৰ ফাত ভৰি দিছিল চিআইডিয়ে জনায় যে প্রথম স্বামীক তালাক দি দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হােৱাৰ পাছৰে পৰা মহিলাগৰাকীয়েএই দুষ্কার্য আৰম্ভ কৰে । বৰ্তমানৰ স্বামী এনামূল হাছান আৰু আন তিনিজন লােকো এই চক্ৰটোত জড়িত।ঢাকা আৰু সমীপৰ বিভিন্ন অঞ্চলত জান্নাতুলা আৰু এনামূলৰ এই পর্যন্ত ২০ কোটি টকা মূল্যৰ সম্পত্তিৰ তথ্য পােৱা গৈছে ।

চিআইডিৰ বিষয়া হাইদৰে লগতে কয়, জান্নাতুলৰ এখন হিচাপৰ খাতাত ২৫-৩০ কোটি টকাৰ হিচাপ পােৱা গৈছে। চাৰিটা বেংকত পােৱা গৈছে এক কোটি টকাৰ হিচাপ । আদালতৰ অনুমতি লৈ বেংক একাউন্টসমূহ ছীল কৰা হ’ব বুলি জানিবলৈ দি চিআইডিয়ে লগতে কয় যে অভিযুক্ত আন চাৰিজনকে গ্রেপ্তাৰৰ অভিযান অব্যাহত আছে।

Exit mobile version