প্ৰসংগঃ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ

BB19eCFR

২০২০ ৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত প্ৰথমখন খেলত Delhi Capitalsয়ে Kings XI Punjabৰ বিৰুদ্ধে অভিলেখ সৃষ্টি কৰি জয় লাভ কৰিছিল ৷ কিন্তু খেলখনৰ মাজতে স্পিনাৰ R Ashwinৰ কান্ধত আঘাতপ্ৰাপ্ত হয় ।

আনহাতে Ashwinৰ এই আঘাতে দলটোক বিপদত পেলাব পাৰে বুলি চৰ্চা লাভ কৰিছিল ৷ কিন্তু সদ্যহতে পোৱা তথ্য অনুযায়ী Ashwinয়ে ইমান বেছিকৈ আঘাতপ্ৰাপ্ত হোৱা নাই । অনাগত খেলত তেওঁক খেলপথাৰত দেখা পাব দৰ্শকে ।

শেহতীয়াকৈ Ashwin য়ে এটা টুইট কৰি নিজৰ স্বাস্থ্যৰ সন্দৰ্ভত সদৰী কৰিছে ৷ Ashwinয়ে লিখিছে, “মই দুখ পাইছিলো কাৰণেই খেলৰ মাজতে খেলপথাৰ ত্যাগ কৰিছিলো । কিন্তু এতিয়া বিষৰ পৰা উপশম পাইছো । মৰম আৰু উৎসাহৰ কাৰণে সকলোকে ধন্যবাদ ।”

উল্লেখযোগ্য যে দেওবাৰে KXIP ৰ বিৰুদ্ধে নিজৰ প্ৰথম অভাৰত দুটা উইকেটেৰে সুন্দৰ আৰম্ভণি কৰিছিল Ashwinয়ে ৷ কিন্তু ইয়াৰ পাছত খেলৰ শেষত কান্ধত আঘাতপ্ৰাপ্ত হয় Ashwin । তেওঁক খেলপথাৰৰ পৰা বাহিৰলৈ লৈ যোৱা হয় ।

আনহাতে খেলৰ পাছত দলৰ কেপ্তেইন শ্ৰেয়স আয়াৰে কয়, “Ashwin সবল মানসিকতাৰ খেলুৱৈ । আমি আশা কৰিছো অনাগত খেলৰ আগেয়ে তেওঁ সুস্থ হ’ব ৷”

Exit mobile version