বঙাইগাঁৱত আপজুৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

WhatsApp Image 2020 09 22 at 8.38.52 PM

অসম প্ৰদেশ সাংবাদিক সন্থা(আপজু ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ প্ৰাংগণত পালন কৰা হয়। কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্থাৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিৰকজ্যোতি মেধীয়ে ৷

ADVERTISEMENT

সন্থাৰ পতকা উত্তোলনত সহযোগ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ শৰ্মাই ৷ ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক প্ৰণৱ কুমাৰ ডেকাই। অনুষ্ঠানৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল ছোবাহান আলীয়ে ৷

অনুষ্ঠানত চিকিৎসাধীন হৈ থকা আপজুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুঞ্জ মোহন ৰায়ৰ লগতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়ৰ আশুআৰোগ্য কামনা কৰে ৷

Exit mobile version