বিগত তিনি বছৰত ভাৰতৰ সীমান্তত আগ্ৰাসী চীনৰ বায়ু সেনাৰ লগতে হেলীপৰ্টছ

df06qfh8 china india border military

ভাৰত চীন সীমান্ত সংঘৰ্ষৰ মাজতে চীনে ভাৰতৰ বিৰুদ্ধে ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ৷ শেহতীয়া তথ্য অনুসৰি চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত বৃহৎ বৃহৎ এয়াৰবেছ নিৰ্মাণ কৰি আছে ৷ লগতে বায়ুসেনা বাহিনীও নিয়োগ কৰিছে ৷ ভূটানৰ ড’কলামত ২০১৭ত ভাৰতীয় সেনাৰ প্ৰতুত্তৰত পিছুৱাবলৈ বাধ্য হোৱা চীনে বিগত তিনিবছৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত নিজৰ আধিপত্য দুগুণ কৰিলে চীনে ৷

চীনৰ এই ৰণনীতিৰ ফলাফল সম্প্ৰতি লাডাখ সীমান্তত দেখিবলৈ পোৱা গৈছে । ইপিনে ড’কলামত ভাৰতৰ পৰা পোৱা প্ৰত্যুত্তৰৰ পিছত চীনে ৰণনীতি পৰিৱৰ্তন কৰিছে ৷ চীনৰ পৰা পোৱা কিছুমান ফ’টোৱে প্ৰমাণ কৰিছে যে চীনৰ কৰ্মকাণ্ডৰ প্ৰভাৱ পৰিছে ভাৰতীয় সুৰক্ষা ব্যৱস্থাত ।

উল্লেখযোগ্য যে ভাৰত চীন সীমান্তত জুনৰ পৰা উত্তেজনা অব্যাহত আছ ৷ জুনৰ গালৱান উপত্যকাত চীন ভাৰত সেনাৰ সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা ছহিদ হোৱাৰ লগতে প্ৰায় ৪০ জন চীনাসেনা নিহত হয় । কিন্তু ভাৰতীয় সেনাৰ প্ৰতুত্তৰত হাৰ মনা নাছিল চীনা সৈনিকে । পুনৰ ২৯ আৰু ৩০ আগষ্টত আগ্ৰাহী মনোভাৱেৰে আগবাঢ়ি আছে চীন । এইবাৰ ভাৰতীয় সেনাৰ চীনক পিছুৱাবলৈ সক্ষম হয় ।

আনহাতে ভাৰত চীন সীমান্তত অব্যাহত আছে উত্তেজনাৰ মাজতে আৰম্ভ হৈছে দুয়োখন  দেশৰ মাজত আলোচনা । Commander পৰ্যায়ত আৰম্ভ হোৱা এই  ষষ্ঠলানী বৈঠক চীনৰ Moldoত হৈছে । প্ৰথমবাৰৰ বাবে এই বৈঠকত অংশগ্ৰহণ কৰিছে Ministry of External Affairsৰ বিষয়া যুটীয়া সচিব নৱীন শ্ৰীবাস্তৱে।

Exit mobile version