বিদ্যালয় পুনৰ আৰম্ভ হোৱাৰ খবৰত উচুপি উঠিল অঞ্জু

IMG 20200922 WA0044 1

কৰ’না মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মাজতে ৰাজ্যত পুনৰ আৰম্ভ হৈছে বিদ্যালয়সমূৰ পাঠদান। বিদ্যালয় পুনৰ আৰম্ভ হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলেও মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বানমুৰী বিল গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ খবৰে মৰ্মাহত কৰিলে ৷বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ খবৰত উচুপি উঠিল অঞ্জু মণ্ডল ।

কিয়নো সোনডোৱা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অঞ্জুৰ বিদ্যালয়লৈ যাবৰ কাৰণে লগত এখনো কিতাপ,বহী নাই ৷কাৰণ যোৱাটো বানে অঞ্জুৰ ঘৰটোৰ লগতে ভাতৃ,ভগ্নীৰ যি কিতাপ বহী আছিল সকলো উটুৱাই নিলে৷আনহাতে তলাবন্ধৰ সময়ত অঞ্জুৰ পিতৃ মাতৃ নৰেশ মণ্ডল আৰু অদিতী মণ্ডলো কৰ্মহীন হৈ পৰে ৷

যাৰ কাৰণে পানী শুকাই যোৱাৰ পাছত কোনো মতে এখন চালি নিৰ্মাণ কৰি তাতে তিনিটা সন্তানক বুকুত লৈ জীৱন অতিবাহিত কৰিছে পৰিয়ালটোৱে ৷আনহাতে তলাবন্ধৰ সময়ত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অনলাইন যোগেদি পাঠ গ্ৰহণ কৰে যদিও অঞ্জুৰ দৰে দুৰ্ভগীয়া ছাত্ৰীৰ বাবে সেয়া আছিল এক দুঃস্বপ্ন ।

এনড্ৰইড ম’বাইলৰ কথা বাদেই নিজৰ কিতাপ বহীসমূহ বানত উটি যোৱাৰ পাছত মানসিকভাৱে ভাগি পৰা অঞ্জুৱে বিদ্যালয়ত পঢ়াৰ আশা বাদেই দিছল ।কাৰণ বানে ধ্বংস কৰা ঘৰটোকে পোনাব নোৱাৰা পিতৃমাতৃয়ে ক’ৰ পৰা পুনৰ অঞ্জুক কিতাপ বহীৰ যোগান ধৰিব।

সেয়েহে পথেৰে যোৱা ছাত্ৰ ছাত্ৰীক দেখি পিতৃ মাতৃক অঞ্জুৱে প্ৰশ্ন কৰিলে “কি লৈ বিদ্যালয়লৈ যাম?কিন্তু নিৰুত্তৰ পিতৃ-মাতৃ .বান গৰা-খহনীয়াই এনে কিমান গৰাকী অঞ্জুৰ সপোন ভাঙিলে তাৰ হিচাব নাই ।কিন্তু কি হ’ব অঞ্জুৰ দৰে দুৰ্ভগীয়া ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যত ? পুনৰ বিদ্যালয়ৰ গছকাৰ সৌভাগ্য হ’বনে অঞ্জু বালা মণ্ডলৰ ৷

Exit mobile version