ব্যতিক্ৰমী পুৰােহিত : পিপিই পৰিধান কৰিহে পিণ্ডদান কৰায় গোপাল দাসে

Screenshot 131

কৰ’নাক লৈ অধিকাংশ ভাৰতীয়ই প্রদর্শন কৰিছে বেপৰােৱা মনােভাব । মাস্ক পৰিধান নকৰাকৈ জনসমাগমত ঘূৰি ফুৰাটো একাংশৰ বাবে ‘দাদগিৰি’  সদৃশ হৈ পৰিছে, কিন্তু ইয়াৰ মাজতাে আছে ব্যতিক্রম । কলকাতাৰ প্রবীণ পুৰােহিত গােপাল দাসে পি পি ই-গ্ল’ভছ । পৰিধান কৰি পিণ্ডদানত সহায় কৰাৰ দৃশ্যই শেহতীয়াকৈ সকলােৰে দৃষ্টি আকর্ষণ কৰিছে ।

বিশেষকৈ হৈ যােৱা মহালয়াত পুৰােহিত দাসে এনেদৰেই নিজ কার্য সমাপন কৰে । অৱশ্যে গােপাল দাসৰ বাবে এয়া কোনাে এটা বিশেষ দিনৰ ঘটনা নহয় । দাসে জনােৱা অনুসৰি কৰ নাৰ বাবে যােৱা মার্চৰে পৰাই ৰাজহুৱা স্থানত তেওঁ সতর্কতা অৱলম্বন কৰি আহিছে । নিজে সতর্ক হৈ থাকিলেও এই ক্ষেত্ৰত দাসৰ পত্নী ভগৱতী দাস অধিক সচেতন ।

এনে কাৰণতে কৰ’না স্বাস্থ্য বিধি ৰক্ষা কৰি আহিছে দাসে । পুৰােহিতালিৰ বাবে যােৱাৰ সময়ত দাসৰ লগত ডাঙৰ ছেনিটাইজাৰৰ বটলৰ লগতে স্প্ৰে কৰা যন্ত্রও থাকে । এজন পৰিচিত লােকৰ দ্বাৰা দাসে প্রায় ছহেজাৰ ছার্জিকেল মাস্ক আনি থৈছে ভৱিষ্যতে ব্যৱহাৰ কৰিব পৰাকৈ ।

দাসে কয়, “মােৰ ছুগাৰ আছে । সেয়েহে পত্নীৰ কথা মতে মই সকলাে কৰিছাে । বহুজনক মই মাস্ক দিছাে, কিন্তু মই দিয়াৰ পাছতাে বহুতে মাস্ক পৰিধান নকৰে । ওড়িছাৰ বাসিন্দা দাসে পুত্রদ্বয় জয়দেৱ আৰু উদয়দেৱক লগত লৈ হাওৰাৰ তেলকল ঘাটত থাকে ।” যােৱা শিৱৰাত্ৰিৰ পাছত দুই পুত্ৰক লৈ ঘৰলৈ গৈছিল দাসে । পত্নী পৰিয়ালৰ অন্যান্যসকলৰ লগত তাতে থাকে, কিন্তু তলাবন্ধ ঘােষণা কৰাত উভতি আহিব পৰা নাছিল কলকাতালৈ ।

দাসে জনােৱা অনুসৰি সেই সময়ত ঘৰত থাকি বৰ অস্বস্তি অনুভৱ কৰিছিল । ইয়াৰ মাজতে যােৱা দুই ছেপ্টেম্বৰত জনশতাব্দী এক্সপ্রেছযােগে কলকাতালৈ আহে । আহিবলৈ ওলােৱাৰ সময়ত পত্নীয়ে সাৱধান কৰি দিয়ে সদায় সচেতন হৈ থাকিবলৈ । এই সতর্কতা তাৰেই ফলাফল ।

তলাবন্ধৰ সময়ত চৰকাৰী ৰেছনৰ ওপৰতে নিৰ্ভৰ কৰিছিল বুলি জনাই দাসে কয়, ‘এবাৰ এহেজাৰকৈ টকা পাম বুলি শুনিলাে । দিদিয়ে কিন্তু টকা নিদিলে। মােৰ পিতৃয়ে এসময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালত পূজা কৰিছিল । মন্ত্রী সুব্রত বক্সিৰ ঘৰতাে মই পূজা আদি কৰিছাে । দিদিয়ে মােক চিনিও পায় । এতিয়া এনে লাগিছে যেন আৰু চিনি নাপাব ।”

যােৱা মহালয়াত দাসে দুই পুত্ৰৰে মিলি প্রায় পাঁচ হেজাৰৰ পিণ্ডদান কৰায় । প্রতিদিনে ব্রহ্মপুৱাৰে পৰা ১০ বজালৈ তেলকলঘাটত দাসে পিণ্ডদান কৰায়। কিন্তু বর্তমানৰ তীব্র গৰমত পি পি ই পৰিধান কৰি পিণ্ডদান কৰাই যােৱা কামটো যথেষ্ট অসুবিধাজনক।

Exit mobile version