ভূলুণ্ঠিত মানৱতাঃ বোকাজানৰ হাবিত উদ্ধাৰ সদ্যোজাত কন্যা সন্তান

b45d6fef 8633 4f1e 90c9 72acf15e7a78

মানৱতাক চৰম ভ্ৰুকুটি দেখুৱাই এচাম পাষাণ হৃদয়ৰ ব্যক্তিয়ে নিজকে দানৱৰ ৰূপ দিয়াৰ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙৰ বোকাজানত ৷ আজি বোকাজানৰ ইকৰাণি বস্তিত এগৰাকী মহিলাই পথাৰত গৰু এৰাল দিবলৈ গৈ থকা অৱস্থাত পথৰ কাষৰ হাবিত শিশুৰ কান্দোন শুনিবলৈ পায় ৷

মহিলা গৰাকীয়ে হাবিখনৰ মাজলৈ সোমাই প্ৰত্যক্ষ কৰে যে এটি সদ্যজাত কন্যা সন্তান হাবিৰ মাজত পৰি আছে ৷ শিশুটোৰ গোটেই দেহা গুৰি পৰুৱাই আগুৰি থকাত যন্ত্ৰণাত শিশুটোৱে কান্দি আছিল ৷

শিশুটোক মহিলাগৰাকীয়ে হাবিৰ পৰা উঠাই আনি গাঁৱৰ মহিলাসকলৰ সহযোগত পৰিষ্কাৰ কৰাৰ লগতে কেবাগৰাকী মহিলাই নিজৰ দুগ্ধ পান কৰাই মানৱতাৰ পৰিচয় দিয়ে ৷ পাছত শিশুটোক বোকাজান আৰক্ষীয়ে উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ যো-জা চলাইছে ৷

Exit mobile version