স্বেচ্ছাই দুখীয়া হ’ল মার্কিন অৰ্বুদপতি চার্লছ ফিন

Screenshot 132

সপােন পূর্ণ কৰিলে এজন অৰ্বুদপতিয়ে । নিজে আর্জন কৰা সম্পদ দানেৰে পূৰ্ণ কৰিলে এই সপােন । কে’বাশ কোটি টকাৰ গৰাকী হলেও একমাত্র ধন-সম্পত্তিৰ শ্ৰীবৃদ্ধিয়ে লক্ষ্য নাছিল এইজন অৰ্বুদপতিৰ । জীৱনৰ ন্যূনতম প্রয়ােজনীয় খিনিৰ বাহিৰে অতিৰিক্তভাৱে আৰ্জন কৰা ধন দান কৰিয়ে জীৱন সার্থক কৰিব বিচাৰে এইজন অৰ্বুদপতিয়ে । এই লােকজন হৈছে মার্কিন অৰ্বুদপতি চাৰ্লছ চাক ফিন ।

সম্প্রতি নিজৰ সপােন পূর্ণ কৰাত ব্যস্ত ফিন । তেওঁ অৰ্বুদপতি হােৱাৰাে কাহিনী মনােৰম । মহাবিদ্যালয়ৰ সহপাঠী ৰবাৰ্ট ৱাৰেল মিলনৰ লগত লগ লাগি ফিনে আৰম্ভ কৰে ‘ডিউটি ফ্রী শ্বপ’। বিমান বন্দৰৰ এই খুচুৰা দোকানৰ শৃংখলা এটা সময়ত গৈ ব্যাপক জনপ্রিয় হয় । দিনক দিনে শ্রীবৃদ্ধি হৈ গৈ থাকে দুয়ােৰে যৌথ ব্যৱসায়ৰ । এনেদৰে গৈ মার্কিন কোটিপতিৰ তালিকাত নাম অন্তর্ভুক্ত হয় ফিনৰ ।

ধন আর্জনৰ সমান্তৰালভাৱে দান কৰাৰ সপােনাে পূর্ণ কৰাত দৃঢ় হৈ উঠে ফিন । এই সপােনৰ কথা কে’বা বছৰ পূর্বেই ৰাজহুৱা কৰিছিল ফিনে । তেওঁ ইতিমধ্যে নিজৰ ৮০০ কোটি ডলাৰৰ সম্পত্তি দান কৰিছে । ভাৰতীয় মুদ্রাত ই হ’বগৈ প্রায় ৫৮ হেজাৰ ৭১৯ কোটি টকা ।

এই ধন বিভিন্ন স্বেচ্ছাসেৱী সংস্থা, বিশ্ববিদ্যালয় তথা হাস্পতালৰ নামত দান কৰিছে। দানৰ দ্বাৰা সপােন পূর্ণ কৰি স্বেচ্ছাই ‘দুখীয়া’ হৈছে তেওঁ । সপােন পূর্ণ কৰাৰ সুখ গােপন কৰাৰ চেষ্টাও কৰা নাই ফিনে ।

এই সন্দৰ্ভত সাংবাদিকৰ আগত ফিনে কয়, ‘ধনৰ ব্যৱহাৰ আন ধৰণে ব্যৱহাৰ কৰাৰ কথা ভাবিছিলাে । ধন দান কৰি মই মনত আনন্দ লাভ কৰাে। মনৰ সপােন পূর্ণ কৰিবলৈ পাই মই যথেষ্ট আনন্দিত। অৰ্বুদপতি হােৱাৰ পাছৰে পৰা প্রথমে গােপনে দান কৰিবলৈ আৰম্ভ কৰিছিল ফিনে । দানৰ কথা সেই সময়ত প্ৰকাশ কৰা নাছিল । এনে কাৰণত ফিনক ‘জেমছবণ্ড অৱ ফিলানথ্রপি’ নামেৰেও মতা হৈছিল ।

২০১২ত ফিনে ঘােষণা কৰে যে তেওঁ আৰু পত্নীৰ বাবে অৱসৰ জীৱনত ব্যয় কৰিবলৈ ২০ লাখ ডলাৰ জমা ৰাখিব। বাকী সকলাে ধন-সম্পত্তি দান কৰি দিব । যােৱা ১৪ ছেপ্টেম্বৰত ‘জুম’যােগে সম্পত্তি দানৰ অনুষ্ঠানৰ প্ৰচাৰ কৰে। নিজৰ ৮০০ কোটি ডলাৰৰ সম্পত্তিৰ ভিতৰত ৩৭০ কোটি ডলাৰ শিক্ষাখণ্ডৰ বাবে দান কৰে ।

ইয়াৰ বাহিৰেও স্বাস্থ্য, মানৱাধিকাৰ, সামাজিক পৰিৱৰ্তন আদি খণ্ডলৈকো ধন দান কৰে । দানৰ এনে মনােভাবক লৈ আপ্লুত বিল গেটছ, ৱাৰেন বাফেট আদিৰ দৰে মার্কিন অৰ্বুদপতিসকলাে ।

বিল গেটছে কয়, ‘ফিনে এটা পথ দেখুৱালে। মই যেতিয়া ফিনক লগ পাইছিলাে তেতিয়াই নিজৰ অর্ধেক সম্পত্তি দান কৰিছিল। এই ক্ষেত্ৰত ফিনতকৈ ভাল উদাহৰণ আৰু নাই ।’

বর্তমান ৮৯ বচৰীয়া ফিনৰ জীৱন যাত্রা অতিকৈ সাধাৰণ । ছান ফ্রান্সিছক’ৰ এটা ভাড়া ঘৰতে পত্নীৰ স’তে বাস কৰি থকা ফিনৰ নিজৰ বুলিবলৈ এখন গাড়ীও নাই । বছৰত ক্রয় কৰে মাত্ৰ এযােৰ জোতা। ‘সম্পদ দায়িত্বই আনে’- এই নীতিৰেই নিজৰ সম্পত্তি দান কৰি সামাজিক দায়িত্ব পালন কৰিছে ফিনে।

Exit mobile version