বোকাজানৰ খটখটী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা জব্দ কৰে ৷ অৰুণাচলী সুৰাৰ অন্যতম কৰিড’ৰ খটখটীৰ সীমান্তত আৰক্ষীৰ কঠোৰ পদক্ষেপৰ বাবে অৰুণাচলী সুৰাৰ ব্যৱসায় বন্ধ হৈ পৰাৰ ফলত একাংশ সুৰা ব্যৱসায়ীয়ে ডিমাপুৰত বাহৰ পাতি অসমৰ সীমান্তৰ বাৰসমূহৰ পৰা আবকাৰী বিভাগৰ নীতি নিয়মক বৃদ্ধাংগগুষ্ঠ প্ৰদৰ্শন কৰি সৰু গাড়ীৰে ড্ৰাই ষ্টেট নগালেণ্ডলৈ বিলাতী সুৰাৰ অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে ৷
আজি লাহৰীজান লিবাৰটি নামৰ এখন বাৰৰ পৰা ২০ কাৰ্টুন বিলাতী সুৰা NL02C0519 নম্বৰৰ এখন জিপচী গাড়ীৰে ডিমাপুৰলৈ নি থকা অৱস্থাত খটখটী আৰক্ষীৰ জালত পৰাৰ লগতে চালকজনকো আটক কৰে ৷আৰক্ষীয়ে গাড়ীসহ সুৰাখিনি জব্দ কৰি থানালৈ লৈ আনে ৷
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটীৰ এজন সুৰা ব্যৱসায়ীয়ে ডিমাপুৰত বাহৰ পাতি বিলাতী সুৰাৰ এনে অবৈধ ব্যৱসায় অব্যাহত ৰখাৰ চেষ্টা কৰিছে ৷ আৰক্ষীয়ে এই সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অনুসন্ধান ক্ষীপ্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷