অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা আঁতৰিল চাউল-দাইল-আলু-পিঁয়াজ

rajya sabha 1

চাউল-দাইল-আলু-পিয়াঁজৰ দৰে খাদ্য সামগ্ৰীও অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিলে চৰকাৰে ৷কৃষি আইনক কেন্দ্ৰ কৰি প্ৰতিবাদ বিক্ষোভ অব্যাহত থকাৰ মাজতেই আন এখন কৃষিভিত্তিক বিধেয়ক ৰাজ্যসভাত গৃহীত হ’ল ৷

প্ৰায় চাৰে ছটা দশকৰ পুৰণি অত্যাৱশ্যকীয় পণ্য আইনৰ সংশোধনী গৃহীত কৰালে কেন্দ্ৰই। যোৱা ১৫ ছেপ্টেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হৈছিল। ইয়াৰ পাছত ৰাজ্য সভাত ধ্বনি ভোটত এই বিধেয়কখন গৃহীত হয়। এই বিধেয়কত চাউল,দাইল,আলু,পিঁয়াজ,খোৱা তেল,তৈলবীজৰ দৰে কৃষিজাত পণ্যসমূহক অত্যাৱশ্যকীয় পণ্যৰ আওতাৰ পৰা বাদ দিয়া হৈছে।

ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেই এই বিধেয়ক আইনত পৰিণত হ’ব। তেতিয়াৰ পৰা এইসমূহ কৃষিজাত পণ্যত চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকিব ৷ লগতে উঠি যাব পণ্য মজুতৰ উৰ্ধ্বসীমাও ৷কেন্দ্ৰৰ তৰফৰ পৰা দাবৱ কৰা হৈছে যে নতুন আইনৰ বাবে দেশৰ কৃষি ক্ষেত্ৰলৈ দেশী বিদেশী বৃহৎ কোম্পানীৰ বিনিয়োগ আহিব ।

উল্লেখযোগ্য যে ১৯৫৫ ত দেশত অত্যাৱশ্যকীয় পণ্য আইন প্ৰৱৰ্তন হৈছিল। সেই আইন সংশোধনৰ সূত্ৰপাত হৈছিল কৰ’নাৰ মোকাবিলাত প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত অভিযান প্ৰকল্প ঘোষণাৰ সময়ত ৷যোৱা পাঁচ জুনত কেন্দ্ৰই সংক্ৰান্তীয় অধ্যাদেশ জাৰি কৰিছিল ।সেই সংশোধনীয়েই এতিয়া ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি স্বাক্ষৰৰ অপেক্ষাত ।ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেই আইনত পৰিণত হ’ব আৰু সংশোধিত হ’ব ১৯৫৫ ৰ অত্যাৱশ্যকীয় পণ্য আইন ।

এই সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰেতা,সুৰক্ষা,খাদ্য আৰু ৰাজহুৱা বন্টন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দানভে ৰাওচাহেব দাদাৰাৱে কয়”আইন সংশোধনী কাৰ্যকৰী হ’লে কৃষকসকলে ফচল উৎপাদন,মজুত,পৰিবহন,বন্টন আৰু বিক্ৰীৰ স্বাধীনতা লাভ কৰিব ।

সমান্তৰালকৈ কৃষিক্ষেত্ৰত বিপুল বিনিয়োগৰ দুৱাৰ মুকলি হ’ব। সংশোধনীত সামগ্ৰী মজুতৰ উৰ্ধ্বসীমাও প্ৰত্যাহাৰ কৰা হৈছে। ইপিনে চৰকাৰী পক্ষই যুক্তি দৰ্শাইছে যে ১৯৫৫ ত আইন প্ৰণয়নৰ সময়ত দেশত খাদ্য সংকট হৈছিল ৷বিদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছিল ৷কিন্তু দেশত উৎপাদন বহুগুণে বৃদ্ধি পাইছে।

আমদানিৰ পৰিৱৰ্তে ভাৰতে সম্প্ৰতি খাদ্যশস্য ৰপ্তানি কৰে ৷প্ৰতি বছৰে খাদ্য ৰাহি হৈ থাকে ৷কোনো কোনো সত্ৰত উৎপাদন বেছি হ’লে কৃষকসকলে লোকচান ভৰিবলগীয়া হয়। এইবোৰ কাৰণতে অত্যাৱশ্যকীয় পণ্য আইনলৈ পৰিৱৰ্তন অনাটো প্ৰয়োজনীয় হৈ পৰিছিল বুলি মন্ত্ৰীজনে কয় ।

Exit mobile version