আৰক্ষীৰ প্ৰশ্নকাকত ফাদিলৰ স’তে বিজেপি নেতাৰ সংযোগ

161063 exam 3 1 2013

অসম আৰক্ষীৰ ৫৯৭ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ নামত সংঘটিত কেলেংকাৰিৰ তদন্তত কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম হৈছে। প্ৰশ্নকাকত ফাদিল আৰু নিযুক্তিৰ নামত দালালৰাজ এই দুয়োটা ঘটনাতে প্ৰভাৱশালী আৰু দীঘলীয়া শিপা বিস্তাৰিত হৈ থকা মহানগৰ আৰক্ষী আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (CID)পৃথক পৃথক গোচৰৰ অনুসন্ধানত উন্মোচিত হৈছে।

উল্লেখযোগ্য যে মহানগৰ আৰক্ষী তথা গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনত নিযুক্তিৰ নামত চলা দালালি আৰু চি আৰ ডিৰ অধীনত প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অনুসন্ধান অব্যাহত আছে ।চাকৰি দিয়াৰ নামত বহু প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা জলসিঞ্চন নিম্ন বৰ্গৰ সহায়ক যুগনী ব্ৰহ্ম(২৭)”নামৰ এগৰাকী মহিলাক গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনৰ অপৰাধ কোষে গ্ৰেপ্তাৰ কৰে ।

মহানগৰ উলুবাৰীস্থিত জলসিঞ্চন বিভাগৰ কল’নীৰ পৰা গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী কৰ’নাত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি চিকিৎসাধীন। আনহাতে,যুগনীক গ্ৰেপ্তাৰৰ আঁত ধৰি দালাল চক্ৰৰ অংশীদাৰ থকাৰ অভিযোগত কে’বাজনো লোকক আৰক্ষীয়ে সোধপোছ কৰে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয় যে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিত আগবাঢ়িছে ৷

ধৃত যুগনী ব্ৰহ্মক সোধপোছ কৰিলেও অধিক তথ্য পোহৰলৈ আহিব। উল্লেখযোগ্য যে উপ পৰিদৰ্শকৰ প্ৰতিটো পদৰ মূল্য দালালৰ বজাৰত ১০ লাখ টকা পৰ্যন্ত বৃদ্ধি হৈছে। আনহাতে মহিলাগৰাকীয়ে ইতিমধ্যে বহু প্ৰাৰ্থীৰ পৰা কে’বালাখ টকা সংগ্ৰহৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে ৷ইপিনে আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি বিজেপি নেতাজন প্ৰশ্নকাকতৰ বিষয়টোৰ লগত জড়িত থকাৰ সম্ভেদ লাভ কৰা হৈছে৷

Exit mobile version