কৃষি বিধেয়কৰ সন্দৰ্ভত আজি বিয়লি পাঁচ বজাত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বিৰোধীয়ে

79cflt08 opposition farm bills protest outside parliament september

কৃষি বিধেয়কৰ সন্দৰ্ভত আজি বিয়লি পাঁচ বজাত ৰাষ্ট্ৰপতি ৰামনাথ ক’ৱিন্দক সাক্ষাৎ কৰিব বিৰোধী দলে ৷কালি ৰাজ্যসভা বৰ্জন কৰা বিৰোধী দলে আজি গুলাম নবী আজাদৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰে। সংসদত কৃষি বিধেয়কক লৈ হোৱা বিভিন্ন তৰ্ক বিতৰ্কৰ পাছত সিদ্ধান্ত হৈছিল যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক সাক্ষাৎ কৰিব।

আজি বিৰোধীয়ে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দক বিধেয়কখনক গৃহীত নকৰিবলৈ আহ্বান কৰিব পাৰে ।আনহাতে কৃষি বিধেয়কক লৈ সংবাদমাধ্যমৰ সন্মুখত গুলাম নবী আজাদে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দলৈ পত্ৰ লিখাৰ কথাও উল্লেখ কৰে ৷লগতে আজাদে কয়” আমি ৰাষ্ট্ৰপতি কোবিন্দক জনাইছো যে যিখন বিধেয়ক গৃহীত কৰা হৈছে।

সেই প্ৰক্ৰিয়াত উপযুক্ত নীতি নিয়ম পালন কৰা হোৱা নাই। গতিকে বিধেয়কখন গৃহীত কৰিব নালাগে। অন্যহাতে বিধেয়কখনক লৈ বিৰোধীয়ে বিৰোধিতা কৰাৰ বিপৰীতে চৰকাৰে মন্তব্য কৰিছে যে বিধেয়কখনে কৃষকসকলক উপকৃত কৰিব ৷আৰু তেওঁলোকক স্বাধীনতা প্ৰদান কৰিব ৷

উল্লেখযোগ্য যে দেওবাৰে কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি কৰা উত্তপ্ত পৰিবেশৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন বিৰোধী সাংসদক সোমবাৰে নিলম্বন কৰা হয়।যিসকল সাংসদক নিলম্বন কৰা হয় তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন,সঞ্জয় সিং,ডোলা সেন,ৰাজীৱ চাটব,ৰিপুন বৰা আদি ।

এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিয়ে কয় “কালি যি ঘটনা সংঘটিত হ’ল তাক লৈ মই দুখ প্ৰকাশ কৰিছো ৷উপসভাপতিৰ মতে অশ্লীল শব্দও কয় নিলম্বিত সাংসদসকলে ৷নাইডুয়ে লগতে কয় যে সংসদৰ মাইকক ভঙাটো নিন্দাজনক ঘটনা ৷

Exit mobile version