গুণ্ডাকৰ নিদিলে ছয়মাইলৰ বজাৰেই উৎখাতৰ ভাবুকি

137419 gmc

ৰাজ্যত ক্ৰমে অস্তিত্বহীন হৈ পৰা চৰকাৰৰ কাৰ্যকালত চৌদিশে বিৰৰজ কৰিছে চৰম অৰাজকতা ৷সেয়েহে ছিণ্ডিকেট,চেকগেট আদি উৎখাতৰ শ্ল’গান দিয়া চৰকাৰৰ নাকৰ তলতে চলিছে সকলো ধৰণৰ অবৈধ কাৰ্য ।চৰকাৰৰ পৃষ্ঠপোষকতাত চলা এনে কাৰ্যৰ নতুন সংযোজন হ’ল দিছপুৰৰ গাতে লাগি থকা ছয়মাইলৰ বজাৰত চলা গুণ্ডাৰাজ।

লক্ষ্যণীয়ভাৱে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ বজাৰখনত যোৱা ৮ আগষ্টৰ পৰা বলপূৰ্বকভাৱে ধন আদায় কৰি অহাৰ প্ৰতিবাদত ব্যৱসায়ীসকলে ৪৮ ঘন্টা ব্যৱসায় বন্ধ কৰিব লগা হয় ।কিন্তু এই বিষয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে নিগমৰ আয়ুক্তই ।

দৈনিক অগ্ৰদূত”ৰ পৰা বজাৰখনত সৃষ্টি হোৱা অচলাৱস্থাৰ সন্দৰ্ভত মতামত বিচৰাত আয়ুক্ত দেৱজ্যোতি হাজৰিকাই কয়”মই এই বিষয়ে নাজানো।”জি এম চিৰ মুৰব্বী হিচাপে যদি আয়ুক্তয়েই এই বিষয়ে নাজানে তেন্তে কোনে জানিব? আয়ুক্তজনৰ স্থিতিয়ে ইয়াকেই স্পষ্ট কৰি দিছে যে চৰকাৰত সম্প্ৰতি অৰাজকতাই ছানি ধৰিছে ৷সেইবাবেই য’তে ত’তে গঢ়ি উঠিছে বেআইনী কাৰ্যৰ ঘাটি,চৰকাৰৰো ইয়াত পৃষ্ঠপোষকতা থকা বাবে অবৈধ কাৰ্য বন্ধ অথবা নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা নলয়।

প্ৰসংগক্ৰমে ছয়মাইলৰ বজাৰত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত GMC ৰ বজাৰ শাখাৰ বিষয়াই মন্তব্য কৰে বহু কথা তেওঁলোকৰ ওপৰত নচলে ৷”ওপৰৰ পৰা যি কৰিবলৈ ক’ব আমি তাক কৰিবলৈ বাধ্য৷অথচ জানো যে ওপৰৰ নিৰ্দেশবোৰৰ বহুত নিয়মৰ বাহিৰৰ “৷ এইদৰে অসহায়ভাৱে কয় বিষয়াৰ সূত্ৰটোৱে৷ তেনে অসহায়তা অকৰ্মণ্যতাই স্পষ্ট হয় ছয়মাইল বজাৰখনত ৷

এই সন্দৰ্ভত বজাৰখনত পাচলি ব্যৱসায়ী ৰাজীৱ ডেকাই কয় যে প্ৰতিনিধিজনেও বজাৰখন লেছীৰ হাতলৈ গৈছে হাতলৈ গৈছে নে নাই তাৰ কোনো তথ্য প্ৰদৰ্শন কৰিব নোৱাৰিলে। বৰঞ্চ ওলোটাই উচ্চেদৰহে কথা কয়৷ ডেকাই কয়”মধ্যস্থতাকাৰীৰ পৰামৰ্শ অনুসৰি আমি GMCয়ে লোৱাৰ দৰে ৫০ টকাৰ পৰিৱৰ্তে এশ টকা দিবলৈ সাজু আছো ৷শেষত মধ্যস্থতাকাৰীৰ অনুৰোধ মৰ্মে একাংশ পাচলি ব্যৱসায়ীয়ে ডেৰশ টকা দিবলৈও মান্তি হয় ৷

কিন্তু তৎস্বত্বেও আমি আদায় দিয়া মাচুলৰ বিনিময়ত কোনো ৰছিদ দিয়া নহয় বুলি আমাক কৈছে ।”প্ৰসংগক্ৰমে বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে অভিযোগ কৰে যে নিয়মমতে বজাৰখন লেছীক দিবই নোৱাৰি ৷কাৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত “ভেণ্ডিং জোন” হিচাপে বজাৰখন উৰণীয়া সেতুৰ তলত বহাত প্ৰশাসনে অনুমতি দিয়ে যদিও নথিপত্ৰত এই পৰ্যন্ত ভেণ্ডিং জ’ন হোৱা নাই।

কাৰণ তাৰ বাবে যান বাহন আৰক্ষীয়ে আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়া নাই ।বজাৰখন বহিলে যানজঁটৰ সৃষ্টি হোৱাৰ কাৰণ দৰ্শাই যানবাহন আৰক্ষী তেনে প্ৰমাণপত্ৰ দিয়াৰ পৰা বিৰত আছে ।গতিকে GMC য়ে মাচুল আদায় কৰিলেও বজাৰখন লীজত দিব নোৱাৰে ৷ইমানৰ পাছতো GMC কৰ্তৃপক্ষই বিষয়টোক লৈ প্ৰকাশ কৰা অজ্ঞতা ৰহস্যজনক ৷

Exit mobile version