নিজে সুৰক্ষিত হৈ থাকিবলৈ সুশান্তে বন্ধু আৰু ঘৰৰ কৰ্মচাৰীক মাদকদ্ৰব্য সেৱনৰ অভ্যাস কৰাইছিলঃৰিয়া চক্ৰৱৰ্তী

rhea chakraborty can face up to 10 years in prison if found guilty

আজি সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু সুশান্তক মাদকদ্ৰব্য যোগান ধৰাৰ অপৰাধত NCBয়ে গ্ৰেপ্তাৰ কৰা ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনৰ শুনানি আছিল যদিও মুম্বাইত হোৱা প্ৰচণ্ড বৰষুণৰ কাৰণে ন্যায়ালয়ে সকলো শুনানি স্থগিত ৰাখে ৷গতিকে ৰিয়াৰ জামিন আবেদনৰ শুনানি হ’ব বৃহস্পতিবাৰে ।

ৰিয়াৰ লগতে অভিনেত্ৰী গৰাকীৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীৰো জামিন আবেদনৰ শুনানি হ’ব ৷ৰিয়াক NCBয়ে ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল ।ৰিয়াক গ্ৰেপ্তাৰৰ পাছত মুম্বাইৰ এক বিশেষ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৰিয়াক। অৱশ্যে বুধবাৰে ন্যায়িক জিম্মাৰ ম্যাদ ৬ অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে। ৰিয়া বিগত দুসপ্তাহৰ পৰা ভায়খলা কাৰাগাৰত আছে ৷ ৰিয়াৰ সন্দৰ্ভত NCBৰ অভিযোগ “ৰিয়া মাদকদ্ৰব্য সৰবৰাহৰ সক্ৰিয় সদস্য “৷

ইপিনে ৰিয়া জামিন আবেদনত উল্লেখ কৰিছে যে সুশান্তে অকলেই মাদকদ্ৰব্য সেৱন কৰিছিল। সুশান্ত তেওঁৰ কৰ্মচাৰীৰ পৰা মাদকদ্ৰব্য বিচাৰিছিল ।ৰিয়া কয় “যদি আজি সুশান্ত জীৱিত থাকিলেহেঁতেন তেন্তে তেওঁৰ ওপৰত মাদকদ্ৰব্য সেৱন কৰাৰ অভিযোগ উঠিলহেঁতেন ৷”লগতে ৰিয়াই কয় যে সুশান্ত সিং ৰাজপুতে ৰিয়াৰ ভাতৃ আৰু কৰ্মচাৰীসকলকো মাদকদ্ৰব্য সেৱনৰ অভ্যাস গঢ়ি তোলাইছিল৷যাতে এই সমগ্ৰ বিষয়টো সংবাদমাধ্যমত প্ৰচাৰ নহয়।

ৰিয়াই লগতে কয় যে সুশান্তে আত্মহত্যা কৰা তিনিদিন পূৰ্বে ৰান্ধনী নীৰজক মাদকদ্ৰব্য অভিনেতাজনৰ বেডৰুমত ৰাখিবলৈ কৈছিল ৷ইতিমধ্যে এই কথা নীৰজে CBI আৰু মুম্বাই পুলিচক অৱগত কৰিছে ৷নিৰজে কয় “সুশান্তৰ মৃত্যুৰ পাছতে তেওঁৰ ৰূমত মাদকদ্ৰব্যৰ খালী বাকচহে পোৱা গৈছিল।” গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে কেৱল সুশান্ত সিং ৰাজপুতে মাদকদ্ৰব্য সেৱন কৰিছিল আৰু এই সমগ্ৰ বিষয়টো যাতে ফাদিল নহয় তাৰ কাৰণে সম্পৰ্কত থকা সকলো লোককে ব্যৱহাৰ কৰিছিল ।এই মন্তব্য ৰিয়াৰ ৷

আনহাতে ৰিয়াই ৪৭ পৃষ্ঠাৰ এখন আবেদনত এইয়া সংযোগ কৰিছে সুশান্তৰ পৰিয়ালৰ লগত সম্পৰ্ক ভাল নাছিল। অভিনেতাজনক যেতিয়া হতাশাই আগুৰি ধৰিছিল তেতিয়াই পৰিয়ালে এৰি দিলে সুশান্তক। ৰিয়াই লগতে অভিযোগ কৰে যে তেওঁৰ লগত সম্পৰ্কত অহাৰ পূৰ্বতে সুশান্তে গাঞ্জা আৰু চিগাৰেট খোৱাৰ অভ্যাস গঢ়ি তুলিছিল।

উল্লেখযোগ্য যে জুন মাহত আত্মহত্যা কৰা সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত এতিয়া নিত্য নতুন তথ্য পোহৰলৈ আহিছে ৷ মাদক দ্ৰব্যৰ সন্দৰ্ভত ৰিয়াক NCBয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই বলীউডৰ বহু ৰথী মহাৰথীৰ নাম সংযোজন হৈছে মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহৰ লগত ৷

Exit mobile version