প্ৰসংগঃমাদকদ্ৰব্য সেৱন আৰু সৰবৰাহ

sara

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছতে মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহ সন্দৰ্ভত বলীউডৰ বহু অভিনেতা অভিনেত্ৰীৰ নাম প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰিছে ।

ইয়াৰ ভিতৰত দীপিকা পাডুকন,শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলী খান,ৰকুল প্ৰীত সিং অন্যতম ।

ইতিমধ্যে NCBয়ে মাদকদ্ৰব্যৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত দীপিকা পাডুকন,শ্ৰদ্ধা কাপুৰ আৰু ৰকুল প্ৰীত সিঙলৈ NCBয়ে চমন জাৰি কৰিছে ৷

NCB ৰ এক বিশেষ সূত্ৰৰ মত অনুসৰি দীপিকা পাডুকনক সোধপোছৰ কাৰণে ২৫ ছেপ্টেম্বৰত মাতিব পাৰে ৷

আনহাতে ৰকুল প্ৰীত সিঙক ২৪ ছেপ্টেম্বৰত,শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলি খানো ২৬ ছেপ্তেম্বৰত NCBয়ে সোধপোচ কৰিব।

মাদকদ্ৰব্যৰ সেৱন আৰু সৰবৰাহৰ প্ৰসংগত মংগলবাৰে টেলেণ্ট কোম্পানীৰ CEO ধ্ৰুৱ চিত্ৰগোপেকৰ,টেলেণ্ট মেনেজাৰে জয়া সাহা আৰু সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ শ্ৰুতি মোদীক প্ৰায় ৬ ঘন্টা সোধপোছ কৰে NCBয়ে। এই সোধ-পোছত বলীউডৰ ১৫ গৰাকী চেলিব্ৰিটীৰ নাম প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে আজি সুশান্তৰ আত্মহত্যাৰ লগতে মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহত জড়িত হোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ৰিয়া চক্ৰৱৰ্তী জামিন আবেদনৰ শুনানি আছিল যদিও নহ’ল ৷ মুম্বাইত হোৱা ধাৰাষাৰ বৰষুণৰ কাৰণে ন্যায়ালয়ে সকলো শুনানি স্থগিত কৰে। আনহাতে এতিয়ালৈকে NCBয়ে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত ৰিয়াৰ লগতে ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ আৰু আন বহুতকে গ্ৰেপ্তাৰ কৰিছে।

Exit mobile version