বঙাইগাঁওত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দল গঠন সন্দৰ্ভত উচ্চস্তৰীয় নাগৰিক সভা

Screenshot 134

বঙাইগাৱঁত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যাগত নাগৰিক সভা ৷ বঙাইগাঁও সদৰৰ বৰপাৰাস্থিত হোটেল চিকেত ৰাতিপুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হয় এই উচ্চস্তৰীয় গুৰুত্বপূৰ্ণ সভা । নামনি অসমৰ মুঠ দহ খন জিলাৰ বিশিষ্ট ব্যক্তি, সমাজসেৱক, বুদ্ধিজীৱি, শিক্ষাবিদ, শিল্পীসমাজৰ লোক সকলক লৈ উচ্চস্তৰীয় গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে ৷

২০২১ৰ বিধানসভা নিৰ্বাচনত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন তথা কা বিৰোধী ছাত্ৰ সংগঠন, শিল্পী সমাজ ঐক্যবদ্ধ হৈ এক আপোচবিহীন বিকল্প ৰাজনৈতিক দল গঠন কৰাটো কিমান দূৰ যুক্তিসংগত হ’ব সেই লৈ বিষদ ভাৱে আলোচনা হয় সভাত ৷ যদি ৰাজনৈতিক দল গঠন হয় তেন্তে লক্ষ্য উদেশ্য কেনে হোৱা উচিত ? অসমৰ জলন্ত সমস্যাবোৰ কেনেকৈ সমাধান কৰিব ? নাম কি হ’ব ? ইত্যাদি বিষয়ে আলোচনা হয় আজিৰ এই সভাত ৷

নামনি অসমৰ জিলাকেইখনৰ বিশিষ্ট বুদ্ধিজীৱী সমাজকৰ্মী সকলোক আমন্ত্ৰণ জনাই কেন্দ্ৰীয় সমিতিয়ে দিহা পৰামৰ্শ বিচাৰি আজি বঙাইগাঁওলৈ আহে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ ভাস্কৰ ডি শইকীয়া, ৰাতুল হুছেইন, মানস কোঁৱৰ, মুকুট ডেকা, মুখ‍্য উপদেষ্টা হুছেইন মহাম্মদ চাহজাহনকে আদি কৰি বহু লোক উপস্থিত থাকে এই আলোচনা সভাত ।

Exit mobile version