মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

7df9a401 d4cb 4855 92b3 f8471dff06ac

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মহানগৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে |গুৱাহাটী প্ৰেছ ক্লাবৰ সমুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰীৰ ফনীভূষন চোধুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ’ বেক, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে | শেষত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি পাণবজাৰ থানালৈ লৈ যায় |

Exit mobile version