জম্মু কাশ্মীৰত চিআৰপিএফৰ পাৰ্টিত সন্ত্ৰাসবাদীৰ গুলিচালনাঃ ১ জন জোৱান ছহিদ

858441 42914 anodnfstfw 1511084243

জম্মু কাশ্মীৰৰ বডগামত আজি সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ এটা পাৰ্টিত আক্ৰমণ কৰে । ইয়াৰ লগে চিআৰপিএফেও সন্ত্ৰাসবাদীলৈ উদ্দেশ্য কৰি গুলীয়াবলৈ ধৰে ৷ এই গুলীয়াগুলীত এজন সেনা জোৱান ছহিদ হয় ৷ আনহাতে সন্ত্ৰাসবাদীয়ে সেনাৰ অস্ত্ৰও কাঢ়ি লয় । চিআৰপিএফৰ দলটোৱে পাৰ্টি কৰি থাকোঁতেই এখন দুচকীয়া বাহনত অহা সন্ত্ৰাসবাদীয়ে সেনা জোৱানলৈ লক্ষ্য কৰি গুলীয়াবলৈ ধৰে ৷

ইয়াৰ পাছতে ভাৰতীয় সেনাও প্ৰত্যুত্তৰ দিয়ে সন্ত্ৰাসবাদীক । আৰু সন্ত্ৰাসবাদীৰ গুলীত আহত হয় এজন সেনা জোৱান । আহত সেনা জোৱানজনক শ্ৰীনগৰস্থিত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় জোৱানজনৰ ।

সম্প্ৰতি চিআৰপিএফ আৰু আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে বিগত ২৪ ঘন্টাত বডগামত দ্বিতীয়বাৰৰ কাৰণে সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত সংঘৰ্ষ সংঘটিত হৈছে। ইয়াৰ পূৰ্বে বুধবাৰে সন্ত্ৰাসবাদীয়ে ব্লক ডিপাৰ্টমেণ্ট কাউন্সিলৰ অধ্যক্ষ ভূপেন্দ্ৰ সিঙক গুলীয়াই হত্যা কৰে ৷

এই সন্দৰ্ভত  জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিন্হাই টুইট কৰি কয়, “BDC ৰ অধ্যক্ষক হত্যা কৰা ঘটনাটো দুখজনক ।” আনহাতে জম্মু কাশ্মীৰত বিগত কিছু দিনৰ পৰা স্থানীয় নেতাৰ ওপৰত আক্ৰমণৰ ঘটনাৰ কথা পোহৰলৈ আহিছে । জুলাই আৰু আগষ্টত বডগাম আৰু ইয়াৰ কাষৰীয়া জিলাত ৰাজনৈতিক দলৰ কৰ্মকৰ্তা আৰু নেতাসকলক হত্যা কৰিব ৷ লগতে বিজেপিৰ বহু নেতকো লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে।

Exit mobile version