নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আছুৰ প্ৰতিবাদ

WhatsApp Image 2020 09 24 at 3.53.24 PM

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু নিয়োগ সংক্রান্তীয় দুৰ্নীতি-কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে ৰাজ্যজুৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ADVERTISEMENT

সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ‘আছু’ৰ মুখ্য কাৰ্যলয় শ্বহীদ ভৱনৰ সন্মুখত বিজেপি চৰকাৰ মুুর্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায় আদি চৰকাৰ বিৰোধী শ্লোগান প্ৰদান কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে চৰকাৰী নিযুক্তিত দুৰ্নীতি সংঘটিত কৰাসকলৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ।

Exit mobile version