প্ৰসংগঃ কৃষি বিধেয়ক

WhatsApp Image 2020 09 24 at 2.15.24 PM

সম্প্ৰতি দেশত চৰ্চিত কৃষি বিধেয়কৰ সন্দৰ্ভত পাঞ্জাৱৰ কৃষকসকলে আন্দোলনৰ গতি ক্ষিপ্ৰ কৰি তুলিছে ৷ পাঞ্জাৱত আজিৰ পৰা কৃষকসকলে ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ অমৃতসৰ আৰু ফিৰোজপুৰ জিলাত কৃষকসকলে ৰেলৰ ট্ৰেকত বহি প্ৰতিবাদ কৰিছে । যাৰ কাৰণে সেই স্থানত যান-বাহনৰ সমস্যাই দেখা দিছে । ইয়াৰ কাৰণে ৰেল বিভাগে ফিৰোজপুৰৰ সকলো ৰেলসেৱা বাতিল কৰিছে ।

আনহাতে ১অক্টোবৰৰ পৰা কৃষকসকলে অনিৰ্দিষ্টকাললৈ বন্ধৰ আহ্বান কৰিছে । কৰ’না ভাইৰাছ মহামাৰীৰ মাজতে পঞ্জাৱত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইতিমধ্যে ৰাজ্যসভাত কৃষি বিধেয়ক গৃহীত হৈছে ৷ কিন্তু কৃষক সকলে এই বিধেয়ক মানি ল’বলৈ বিচৰা নাই ।

সেয়হে পঞ্জাৱত গ্ৰামাঞ্চলত কৃষক আৰু তেওঁলোকৰ পৰিয়ালৰ সকলো লোকে ৰেলৰ ট্ৰেকত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছে । ইতিমধ্যে বিৰোধীয়েও কৃষি বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

আনহাতে কৃষি বিধেয়কক সন্দৰ্ভত সংবাদমাধ্যমৰ সন্মুখত গুলাম নবী আজাদে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দলৈ পত্ৰ লিখাৰ কথাও উল্লেখ কৰে ৷ লগতে আজাদে কয় “আমি ৰাষ্ট্ৰপতি কোবিন্দক জনাইছো যে যিখন বিধেয়ক গৃহীত কৰা হৈছে । সেই প্ৰক্ৰিয়াত উপযুক্ত নীতি-নিয়ম পালন কৰা হোৱা নাই । গতিকে বিধেয়কখন গৃহীত কৰিব নালাগে ।”

অন্যহাতে বিধেয়কখনক লৈ বিৰোধীয়ে বিৰোধিতা কৰাৰ বিপৰীতে চৰকাৰে মন্তব্য কৰিছে যে বিধেয়কখনে কৃষকসকলক উপকৃত কৰিব ৷ আৰু তেওঁলোকক স্বাধীনতা প্ৰদান কৰিব ৷ উল্লেখযোগ্য যে দেওবাৰে কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি কৰা উত্তপ্ত পৰিবেশৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন বিৰোধী সাংসদক সোমবাৰে নিলম্বন কৰা হয় ।

যিসকল সাংসদক নিলম্বন কৰা হয় তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন,সঞ্জয় সিং, ডোলা সেন, ৰাজীৱ চাটব, ৰিপুন বৰা আদি । এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিয়ে কয়, “কালি যি ঘটনা সংঘটিত হ’ল তাক লৈ মই দুখ প্ৰকাশ কৰিছো  ৷ উপসভাপতিৰ মতে অশ্লীল শব্দও কয় নিলম্বিত সাংসদসকলে ৷ নাইডুয়ে লগতে কয় যে সংসদৰ মাইকক ভঙাটো নিন্দাজনক ঘটনা ৷”

Exit mobile version